গুৱাহাটী, ২১ ছেপ্টেম্বৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়া অহা ২৩ ছেপ্তেম্বৰত সম্পন্ন কৰা হ'ব। আজি ৰাজ্যিক কেবিনেটৰ এক বৈঠকৰ পিছত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনায় যে ২৩ ছেপ্টেম্বৰ যোৰাবাটৰ দিছাং ৰিজৰ্টৰ সমীপত ১০ বিঘা মাটিত কমাৰকুচীত সম্পন্ন কৰা হ'ব জুবিন গাৰ্গৰ অন্তোষ্টিক্ৰিয়া।
তদুপৰি যোৰহাটতো জুবিন গাৰ্গৰ ভষ্ম হৈ যোৱা হ'ব। ২৩ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত মৰমৰ শিল্পীগৰাকীৰ শেষ যাত্ৰা আৰম্ভ কৰা হ'ব। এতিয়া জুবিন গাৰ্গৰ গুণমুগ্ধ সকলে ২২ ছেপ্টেম্বৰলৈ নিজৰ প্ৰিয় শিল্পীগৰাকীক সৰুসজাইত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। আজি কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই তথ্য সদৰী কৰে।
ইফালে আজিৰ সংবাদমেলখনত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, ডা ৰণোজ পেগু, বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি মন্ত্ৰীসকল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী