কোকৰাঝাৰ, ২১ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰৰ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া মাছাণ্ডা এম পাৰ্টিনে মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ প্ৰয়াসত আজি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। তেঁও বিশেষ পদক্ষেপৰে চেনিটেৰী পেড আৰু চকলেট বিতৰণ কৰাৰ লগতে কৰ্তব্যৰত মহিলা কৰ্মচাৰীসকলক সহায় কৰিবলৈ পৰ্যাপ্ত সুবিধা থকাটোও নিশ্চিত কৰে।
জিলা আয়ুক্ত মাছাণ্ডা পাৰ্টিনে নিৰ্বাচনী প্ৰক্ৰিয়াত মহিলাৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে “এই পদক্ষেপৰ উদ্দেশ্য হৈছে মহিলাসকলক দেশৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক ক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।” তেওঁ আশা প্ৰকাশ কৰে যে ভৱিষ্যতে এনে ভোটকেন্দ্ৰৰ সংখ্যা বৃদ্ধি পাব যিয়ে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ অধিক সবলীকৰণৰ প্ৰতিফলন ঘটাব।
উল্লেখ্য যে বিটিচি নিৰ্বাচন ২০২৫ৰ বাবে কোকৰাঝাৰ জিলাত মুঠ ৩৯টা মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে য’ত কোকৰাঝাৰ সদৰত ২৭টা, গোঁসাইগাঁৱত ১০টা, আৰু পৰ্বতঝৰা মহকুমাত ২টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ