- গোৱালে নামকৰণ ক'ডৰ হাৰম'নাইজড চিষ্টেম মেপিং কৰাৰ ওপৰত গাইডেন্স বুক উন্মোচন
নতুন দিল্লী, ২১ ছেপ্টেম্বৰ (হি.স.)। নিয়ন্ত্ৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লগতে ব্যৱসায় কৰাত সহজতা বৃদ্ধিৰ বাবে চৰকাৰে ৩১টা মন্ত্ৰালয় আৰু বিভাগলৈ ১২,১৬৭টা হাৰম’নাইজড চিষ্টেম অৱ নমেনক্লেচাৰ (এইচ এছ এন) ক’ড আবণ্টন দিছে। প্ৰতিটো সামগ্ৰী এই ক’ডৰ অধীনত শ্ৰেণীভুক্ত কৰা হৈছে। এই সংহিতাই সমগ্ৰ বিশ্বতে সামগ্ৰীৰ পদ্ধতিগত শ্ৰেণী বিভাজনত সহায় কৰে।
দেওবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ২০ ছেপ্টেম্বৰত ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ সময়ত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে প্ৰস্তুত কৰা হাৰম’নাইজড চিষ্টেম অৱ নমেনক্লেচাৰ (এইচ এছ এন) ক’ডৰ মেপিংৰ গাইডেন্স বুকখন পীয়ুষ গোৱেলে প্ৰকাশ কৰে ।
ইয়াৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পীয়ুষ গোৱেলে উল্লেখ কৰে যে এই গাইডেন্স পুথিখন ঘৰুৱা উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ দিশত আৰু আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰাৰ দিশত এক উল্লেখযোগ্য প্ৰচেষ্টা। তেওঁ আৰু কয় যে এই গাইডেন্স পুথিখনে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত অবিচ্ছেদ্য ভূমিকা পালন কৰিব, য’ত উদ্যোগৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই শাসন ব্যৱস্থা থাকিব।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই গাইডেন্স বুকত ভাৰত চৰকাৰৰ ৩১টা মন্ত্ৰালয় আৰু বিভাগলৈ ১২,১৬৭টা এইচ এছ এন ক’ড আবণ্টন দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে উৎপাদন বিকাশ, বিনিয়োগ প্ৰসাৰ, আৰু ব্যৱসায় কৰাত সহজতাৰ বাবে তথ্য-চালিত পদ্ধতি গ্ৰহণক প্ৰসাৰ কৰা। ই সমগ্ৰ বিশ্বতে সামগ্ৰীৰ পদ্ধতিগতভাৱে শ্ৰেণীবিভাজন কৰাত সহায় কৰে। ই এক স্থিতিস্থাপক আৰু প্ৰতিযোগিতামূলক উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ভেটি হিচাপে কাম কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া