নতুন দিল্লী, ২১ ছেপ্টেম্বৰ (হি.স.)। নৱৰাত্ৰি আৰম্ভ হোৱাৰ এদিন পূৰ্বে দেওবাৰে দেশবাসীক দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰক “সঞ্চয় উৎসৱ” বুলি অভিহিত কৰে। নাগ্ৰিক দেৱো ভৱৰ দৰ্শনেৰে যোৱা এবছৰত কাৰ্যকৰী কৰা চৰকাৰৰ কৰ সংস্কাৰে নাগৰিকৰ ২.৫ লাখ কোটি টকা ৰাহি কৰিছে বুলিও তেওঁ কয়।
দেশবাসীক দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জি এছ টি সংস্কাৰৰ ফলত দৈনন্দিন প্ৰয়োজনীয় বেছিভাগ সামগ্ৰী সস্তা হ’ব। তেওঁ উল্লেখ কৰে যে এতিয়া বেছিভাগ সামগ্ৰীয়েই ৫ শতাংশ কৰ ব্ৰেকেটৰ অন্তৰ্গত হ’ব। ইয়াৰ ফলত খাদ্য, পানীয়, আনকি ভ্ৰমণো সস্তা হ’ব। ভাৰতত নিৰ্মিত সামগ্ৰীক অগ্ৰাধিকাৰ দিবলৈ দেশবাসীক আহ্বান জনাই তেওঁ পুনৰবাৰ থলুৱা সামগ্ৰীৰ বাবে আবেদন জনায়। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে স্বাৱলম্বী ভাৰত অতি গুৰুত্বপূৰ্ণ।
তেওঁ উল্লেখ কৰে যে স্বদেশী মন্ত্ৰই দেশৰ স্বাধীনতা শক্তিশালী কৰি তুলিছে। একেদৰে দেশৰ সমৃদ্ধিও স্বদেশী মন্ত্ৰৰ দ্বাৰা চালিত হ’ব। প্ৰধানমন্ত্ৰীয়ে স্বাৱলম্বী ভাৰত লাভৰ ক্ষেত্ৰত ক্ষুদ্ৰ, মজলীয়া, আৰু ক্ষুদ্ৰ উদ্যোগ (এম এছ এম ই)ৰ ভূমিকাক আলোকপাত কৰি দেশৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰাৰ লগতে বিশ্বজুৰি মানসম্পন্ন সামগ্ৰীও যোগান ধৰিবলৈ উৎসাহিত কৰে।
তেওঁ উল্লেখ কৰে যে ভাৰতৰ সোণালী যুগত এই উদ্যোগসমূহে ভাৰতৰ সুনাম গঢ়ি তুলিছিল আৰু সেই গৌৰৱ পুনৰ ঘূৰাই আনিব লাগিব।প্ৰধানমন্ত্ৰীয়ে বুজাই দিলে যে কেনেদৰে জি এছ টি প্ৰৱৰ্তনৰ পূৰ্বে দেশৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী পৰিবহণ কৰাটো ব্যয়বহুল আৰু কঠিন আছিল। বেংগালুৰুৰ পৰা ইউৰোপলৈ আৰু বিপৰীতে বেংগালুৰুৰ পৰা হায়দৰাবাদলৈ সামগ্ৰী পঠোৱাটো সহজ আছিল। কৰ জটিলতা আছিল অসংখ্য, যাৰ খৰচ শেষত গ্ৰাহকৰ ওপৰত পৰিছিল। তেওঁৰ চৰকাৰে সকলো অংশীদাৰৰ লগত আলোচনা কৰি ততাতৈয়াকৈ জি এছ টি প্ৰৱৰ্তন কৰিলে আৰু ইয়াৰ সংস্কাৰ অহৰহ কৰি আছে। তেওঁ ৰাজ্য চৰকাৰসমূহক নিজ নিজ ৰাজ্যত উৎপাদন কাৰ্যকলাপ ত্বৰান্বিত কৰি আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপ আৰু স্বদেশী কাৰ্যসূচীক সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ আহ্বান জনায়। বিনিয়োগ আকৰ্ষণৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰাত মনোনিৱেশ কৰক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া