যোৰহাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান
যোৰহাট, ০৯ ডিচেম্বৰ (হি.স.) যোৰহাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধকাৰী সকলক আনুষ্ঠানটিক ভাবে বিতৰণ কৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা অন
যোৰহাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান


যোৰহাট, ০৯ ডিচেম্বৰ (হি.স.) যোৰহাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধকাৰী সকলক আনুষ্ঠানটিক ভাবে বিতৰণ কৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা অনুমোদন পত্ৰ। অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল যোগে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছত যোৰহাটটো প্ৰদান কৰে অনুমোদন পত্ৰ । যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ উপস্থিতিত যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ১০০ নং যোৰহাট বিধান সভা সমষ্টিৰ অৰ্ন্তগত প্ৰায় ৪৫ গৰাকী হিতাধিকাৰীক অনুষ্ঠানিক ভাবে গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখ যে সমগ্ৰ অসমত ৩,২৫,২৩৪ টা পৰিয়ালক গৃহ অনুমোদন প্ৰদান কৰাৰ বিপৰীতে যোৰহাট জিলাত প্ৰায় ৪৫০০০ পৰিয়ালে লাভ কৰিছে এই আঁচনি।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande