তেজপুৰত গভাইত চোৰ সহ দুজনক গ্ৰেপ্তাৰ
শোণিতপুৰ, ০৯ ডিচেম্বৰ, (হি.স.)। তেজপুৰ মিছন চাৰিআলিৰ শংকৰদেৱ নাট্য মন্দিৰত সংঘটিত চুৰিকাণ্ডৰ লগতে তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাৱন গোস্বামীৰ তেজপুৰ ঊষানগৰস্থিত বাসগৃহত সংঘটিত চুৰিৰ ঘটনাৰে জড়িত গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷ যোৱা নিশা আ
তেজপুৰত  গভাইত চোৰ সহ দুজনক গ্ৰেপ্তাৰ


তেজপুৰত  গভাইত চোৰ সহ দুজনক গ্ৰেপ্তাৰ


শোণিতপুৰ, ০৯ ডিচেম্বৰ, (হি.স.)। তেজপুৰ মিছন চাৰিআলিৰ শংকৰদেৱ নাট্য মন্দিৰত সংঘটিত চুৰিকাণ্ডৰ লগতে তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাৱন গোস্বামীৰ তেজপুৰ ঊষানগৰস্থিত বাসগৃহত সংঘটিত চুৰিৰ ঘটনাৰে জড়িত গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷ যোৱা নিশা আৰক্ষীয়ে চলোৱা এই অভিযানত চুৰ কৰা সামগ্ৰী ক্ৰয় কৰা আন এক সহযোগীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

দুয়োৰে পৰা চুৰি কৰা কাঁহ-পিতলৰ সামগ্ৰীৰ লগতে একাধিক শৰাই আৰু আন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষী৷ আাজি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গভাইত চোৰ ভোজখোৱাৰ মফিজুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিচতেই দুয়োটা স্থানত চুৰিকাণ্ড সংঘটিত কৰাটো নিশ্চিত হয় আৰু মফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৰগড়ৰ আব্দুল কালাম নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰা হয়৷ ধৃত মফিজুলে চুৰি সামগ্ৰী বিক্ৰী কৰিছিল আব্দুলক৷ আৰক্ষীয়ে আব্দুলৰ ঘৰৰ পৰা নামঘৰত ব্যৱহাৰ হোৱা দুটা পিটলৰ গছা, দুখন ঠাল আৰু ১০যোৰ শৰাই উদ্ধাৰ কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande