গহপুৰত ইটা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ
বিশ্বনাথ, ০৯ ডিচেম্বৰ (হি.স.)। গহপুৰৰ বড়িগাঁৱত আজি পুৱতিনিশা সংঘটিত হই এক ভয়াবহ পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ থকা ১৮ চকাৰ এআৰ-০১আৰ-৯১৮৬ নম্বৰৰ এখন ইটা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰন হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোৰ ফলত ট
গহপুৰত ইটা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ


বিশ্বনাথ, ০৯ ডিচেম্বৰ (হি.স.)। গহপুৰৰ বড়িগাঁৱত আজি পুৱতিনিশা সংঘটিত হই এক ভয়াবহ পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ থকা ১৮ চকাৰ এআৰ-০১আৰ-৯১৮৬ নম্বৰৰ এখন ইটা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰন হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোৰ ফলত ট্ৰাক চালক জন গুৰতৰভাবে আহত হয়। ট্ৰাক চালক জনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

চালক জনৰ অৱস্থা সংকটজনক ৷ ইতিমধ্যে ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাৰ বুজ লয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande