
–বাণ থিয়েটাৰ ইন আছাম শীৰ্ষক বিষয়েৰে প্ৰথমবাৰৰ বাবে বাণ থিয়েটাৰৰ ইতিহাসৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ –১২০ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠা কাল ১৯০৬ চনৰ পৰা ২০০৬ চনলৈ গৱেষণা জাহ্নৱী মধুকল্যৰ –নাটকত অভিনয় কৰা মহিলাৰ ভূমিকাৰ ওপৰত প্ৰথমবাৰৰ বাবে গৱেষণা অসমত –গৱেষক ছাত্ৰীক বাণ থিয়েটাৰৰ পৰিয়ালৰ উষ্ম অভিনন্দন জ্ঞাপন –বাণ থিয়েটাৰৰ বুৰঞ্জীক উজ্জ্বলিত কৰিলে -বংকিম শৰ্মা, সভাপতি
–অসমৰ শিল্পকলা ক্ষেত্ৰখনৰ ই মাইলৰ খুটি হ'ব --জিতুমণি দেৱচৌধুৰী,সাধাৰণ সম্পাদক
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। বিদ্যায়তনিক ক্ষেত্ৰত বিশ্ব দৰবাৰলৈ বুলি বাট বোলাৰ পথ প্ৰশস্ত হৈছে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ । অসমৰ অন্যতম জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হোৱা ১২০ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তথা অসমৰ প্ৰাত:স্মৰণীয় পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ পৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পৰা অসংখ্যজন প্ৰবাদপুৰুষৰ স্মৃতিৰে বিজড়িত তেজপুৰৰ বাণ থিয়েটাৰৰ ওপৰত প্ৰথমবাৰৰ বাবে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ এগৰাকী ছাত্ৰীয়ে ।
বাণ থিয়েটাৰৰ প্ৰতিষ্ঠা কাল ১৯০৬ চনৰ পৰা ২০০৬ চনলৈ এশ বছৰৰ সকলো দিশৰ বাণ থিয়েটাৰৰ ইতিহাসৰ ওপৰত গৱেষণা কৰি তেজপুৰ হলেশ্বৰ নিবাসী আৰু জিলাখনৰ নাগশংকৰৰ বোৱাৰী জাহ্নৱী মধুকল্যই বিদ্যায়তনিক ক্ষেত্ৰত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ পিছত আজি বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰত শিক্ষাৰ্থী গৰাকীক উষ্ম অভিনন্দন আৰু স্নেহাশিস জ্ঞাপন কৰি আগন্তুক শৈক্ষিক যাতাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে বাণ থিয়েটাৰৰ পৰিয়ালে । বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, গ্ৰন্থগাৰিক ভূপেন বৰুৱা, কোষাধক্ষ জ্যোতি প্ৰসাদ গোস্বামী, কাৰ্যনিৰ্বাহকৰ সদস্য পংকজ বৰুৱা, ৰাজীৱ মহন্ত, সদস্য বীৰেন্দ্ৰ কুমাৰ বৰা আৰু মুকুট পটংগীয়াৰ উপস্থিতিত সভাপতি বংকিম শৰ্মাই এখন গামোচাৰে অভিনন্দন জ্ঞাপন কৰাৰ পিছত সভাপতি গৰাকীয়ে জাহ্নৱী মধুকল্যৰ এই প্ৰয়াসৰ বাবে বাণ থিয়েটাৰৰ পৰিয়াল আজি গৌৰৱান্বিত । অসমৰ শিল্পকলা ক্ষেত্ৰখনৰ সোণসেৰীয়া ঐতিহ্য সংপৃক্ত হৈ থকা জাতীয় অনুষ্ঠানটিৰ ইতিহাস এই কাৰ্যৰ দ্বাৰা দেশৰ লগতে বিদেশৰ বৌদ্ধিক মহললৈ সম্প্ৰসাৰিত হোৱাৰ পথ প্ৰশস্ত হ'ল বুলি মন্তব্য কৰি সভাপতি বংকিম শৰ্মাই এতিয়াৰ পৰা আন শিক্ষাৰ্থী সকলকো উদ্বুদ্ধ কৰাৰ লগতে এই গৱেষণা পত্ৰই বাণ থিয়েটাৰৰ বুৰঞ্জীক উজ্জ্বলিত কৰিলে বুলি মন্তব্য কৰে ।
আনহাতে সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে বাণ থিয়েটাৰৰ ওপৰত প্ৰথম গৱেষণা পত্ৰ প্ৰকাশ হোৱা বিষয়টোৱে বাণ থিয়েটাৰৰ পৰিয়ালক আহ্লাদিত কৰাৰ লগতে এই বিষয়টোৱে উত্তৰ প্ৰজন্মক বাণ থিয়েটাৰৰ ওপৰত সন্দৰ্ভত সহজতে সঠিকভাৱে জনাৰ পথ প্ৰশস্ত কৰিব বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। চৌধুৰীয়ে আৰু কয় অনেক গৰাকী জাতীয় জীৱনৰ পুৰোধাৰ স্মৃতি জড়িত হৈ থকা ১২০ বছৰীয়া বাণ থিয়েটাৰৰ জাতীয় জীৱনলৈ যথেষ্ট অৱদান আছে । বাণ থিয়েটাৰৰ বাবেও ধন্য হৈছে অসমৰ জাতীয় জীৱন ।সেয়েহে এই গৱেষণা পত্ৰ অনাগত সময়ত এক অন্যতম আহিলা হ'ব বুলি কৈ ই এক মাইলৰ খুটি হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰে ।
উল্লেখ্য যে দীঘলীয়া সময়ৰ এই গৱেষণাত সেই সময়ৰ নাটশিল্প ক্ষেত্ৰখনৰ ভূমিকাৰ লগতে সহ অভিনয়ৰ গুৰুত্বপূৰ্ণ দিশ সংপৃক্ত মহিলাৰ বিশেষ ভূমিকাৰ আলোকপাত কৰা হৈছে বুলি গৱেষক ছাত্ৰী জাহ্নৱী মধুকল্যই নিজৰ অনুভৱ সদৰি কৰি কয় -বাণ থিয়েটাৰ ইন আছাম শীৰ্ষক গৱেষণা পত্ৰখন পাঁচট ভাগত আলোকপাত কৰা হৈছে । প্ৰথমে ইন্ট্ৰডাক্সন আৰু এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে চছিয় পলিটিকেল ৰিফ্লেকচন ইন ছছাইটি । নাটক সমূহে সেই সময়ত কেনেকৈ মানুহৰ মনত প্ৰভাৱ পেলাইছিল সেই দিশটোক যেনেদৰে বিশেষভাৱে তুলি ধৰা হৈছে একেদৰে আন এটা অতি গুৰুত্বপূৰ্ণ দিশ অমেন ইন থিয়েটাৰ শীৰ্ষক দিশটোত গুৰুত্ব প্ৰদান কৰা হৈছে ।
গৱেষক ছাত্ৰী গৰাকীয়ে কয় এই বিষয়টো বৰ্তমানলৈকে অসমত কোনেও গৱেষণা কৰা নাই । নাটকত নাৰীৰ চৰিত্ৰৰ ওপৰত গৱেষণা হৈছে কিন্তু এগৰাকী মহিলাৰ এই ক্ষেত্ৰত ভূমিকাৰ ওপৰত এয়াই প্ৰথম গৱেষণা বুলি মন্তব্য কৰি সেইখিনি সময়ত মহিলা মঞ্চলৈ অহাটো এক ডাঙৰ কথা আছিল । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ গাইড তথা সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ মুনীন শইকীয়াৰ মুখ্য তত্বাৱধানত গৱেষণা কৰা জাহ্নৱীৰ গৱেষণা পত্ৰখন পৰ্যবেক্ষণ কৰিছিল তিনিখনকৈ বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰমে -নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক এ কে ঠাকুৰ, ৰয়েল গ্লবেল ইউনিভাৰ্চিটিৰ ডীন অধ্যাপক সজল নাগে । অধ্যাপক সজল নাগ এক্সটাৰনেল একজামিনাৰ হিচাপেও গৱেষণা পত্ৰখন পৰ্যবেক্ষণ কৰাৰ পিছত দেশৰ সকলো উল্লেখযোগ্য গৱেষণা পত্ৰ সংৰক্ষণ কৰা ছোড গংগা নামৰ বিশেষ পৰ্টেলটো উপলব্ধ কৰাৰ ব্যৱস্থা কৰাৰ উপৰি ইতিমধ্যে প্ৰকাশ কৰাৰো অনুমতি লাভ কৰিছে বুলি ব্যক্ত কৰে। গৱেষণা পত্ৰখনত সমাজৰ প্ৰতি বাণ থিয়েটাৰৰ অৱদানক বিশেষভাৱে তুলি ধৰা হৈছে বুলি কোৱাৰ লগতে যদিও ১৯০৬ চনৰ পৰা ইয়াৰ ইতিহাস অধ্যয়ন কৰা হৈছে ১৯৭০ চনৰ পৰাহে লিখিত তথ্য লাভ কৰা হয় বুলি কৈ বাকী সকলো মৌখিক ইতিহাসৰ ওপৰত আগবঢ়াই নিওটে সভাপতি বংকিম শৰ্মা, প্ৰয়াত সম্পাদক হেমন্ত কুমাৰ বৰুৱা, শান্তনু বৰুৱা, বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰিক ভূপেন বৰুৱা আদিয়ে যথেষ্ট সহযোগিতা আগবঢ়োৱাৰ প্ৰসংগ উত্থাপন কৰি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।
অনুষ্ঠানটিত গ্ৰন্থাগাৰিক ভূপেন বৰুৱাইও চমু ভাষণ প্ৰদান কৰি জাহ্নৱী মধুকল্যৰ এই গৱেষণা পত্ৰই বিদ্যায়তনিক ক্ষেত্ৰত বাণ থিয়েটাৰক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব বুলি মন্তব্য কৰে । উল্লেখ্য যে তেজপুৰ হলেশ্বৰ নিবাসী ৰোহিণী চন্দ্ৰ দেৱশৰ্মা আৰু মামু শৰ্মাৰ দুহিতা জাহ্নৱী বিবাহসূত্ৰে শোণিতপুৰ জিলাৰ নাগশংকৰৰ অভিজিৎ বৰুৱাৰ সহধৰ্মিণী ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ