তেজপুৰৰ বিহগুৰিত তৃতীয় বাৰ্ষিক কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.) । যোগেশ্বৰী দাস ফাউণ্ডেশ্যনৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৌটিল্য শিক্ষা গুৰু বঁটা প্ৰদান অনুষ্ঠান আজি মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে পশ্চিম তেজপুৰৰ বিহগুৰি মৌজাৰ টুমুকী গাৱঁৰ যুৰীয়া আহত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। প
তেজপুৰৰ বিহগুৰিত তৃতীয় বাৰ্ষিক কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান


শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.) । যোগেশ্বৰী দাস ফাউণ্ডেশ্যনৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৌটিল্য শিক্ষা গুৰু বঁটা প্ৰদান অনুষ্ঠান আজি মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে পশ্চিম তেজপুৰৰ বিহগুৰি মৌজাৰ টুমুকী গাৱঁৰ যুৰীয়া আহত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। পুৱা স্থানীয় শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ গোবিন্দ আতাৰ প্ৰাথমিক শাখাৰ বাপ, আইসমস্তৰ দ্বাৰা ভাগৱত পাঠ অনুষ্ঠান সম্পন্ন হয়। ভাগৱত পাঠ কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ গোবিন্দ আতাৰ প্ৰাথমিক শাখাৰ নামাচাৰ্য মনোজ দাসে।

ভাগৱত পাঠৰ প্ৰসাদ গ্ৰহণৰ পিছত কৌটিল্য শিক্ষা গুৰু বঁটা প্ৰদান অনুষ্ঠানৰ ৰাজহুৱা সভা খন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে যোগেশ্বৰী দাসৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজসেৱী ৰাম কুমাৰ নাথে।সভাখনত সভাপতিত্ব কৰে অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপাল নাথে। মুখ্য অতিথি হিচাপে জ্ঞান ভাৰতী পাব্লিক স্কুলৰ পৰিচালনা সঞ্চালক বংকিম বৰুৱা উপস্থিত থাকি অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পূৰ্ণকান্ত কৰ্মকাৰক কৌটিল্য শিক্ষা গুৰু বঁটা প্ৰদান কৰে।

উল্লিখিত বঁটাত গামোচা, চেলেং, জাপি, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, স্মাৰক, নাহৰ গছৰ পুলি আৰু নগদ ধন প্ৰদান কৰে। অঞ্চলটিৰ প্ৰায় শতাধিক শিক্ষক, সমাজসেৱী, ভক্ত,বৈষ্ণৱ আৰু অভিভাৱক উপস্থিত থকা ৰাজহুৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্যমোহন নাথ, অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সোণেশ্বৰ নাথ, চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ দাস, ২০২৩ বৰ্ষৰ কৌটিল্য শিক্ষা গুৰু বঁটা প্ৰাপক ড০ বীণাপাণি মহন্ত, প্ৰথম এডুকেশ্বন ফাউণ্ডেশ্যনৰ শোণিতপুৰ জিলাৰ সমন্বয়ক প্ৰসন্ন কুমাৰ মহন্ত আদি বিশিষ্ট ব্যক্তি সকল অনুষ্ঠানত উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande