তেজপুৰ সাহিত্য চ'ৰাৰ ৫৬৯ সংখ্যক বৈঠক সম্পন্ন
–স্বৰচিত লেখা পাঠ আৰু লেখাৰ ওপৰত মননশীল আলোচনা সম্পন্ন –বিশিষ্ট বিজ্ঞান লেখক ড০ ৰমেশ চন্দ্ৰ গোস্বামী ,বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য ৰ পৰা অধ্যাপক ড০ পল্লৱ ভট্টাচাৰ্য্যলৈকে বিভিন্নজন লেখা পাঠ শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ঐতি
তেজপুৰ সাহিত্য চ'ৰাৰ ৫৬৯ সংখ্যক বৈঠক সম্পন্ন


–স্বৰচিত লেখা পাঠ আৰু লেখাৰ ওপৰত মননশীল আলোচনা সম্পন্ন

–বিশিষ্ট বিজ্ঞান লেখক ড০ ৰমেশ চন্দ্ৰ গোস্বামী ,বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য ৰ পৰা অধ্যাপক ড০ পল্লৱ ভট্টাচাৰ্য্যলৈকে বিভিন্নজন লেখা পাঠ

শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ঐতিহ্যমণ্ডিত তেজপুৰ সাহিত্য চ'ৰাৰ ৫৬৯ সংখ্যক বৈঠকখনি তেজপুৰ মাজগাওঁ স্থিত জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । সভাপতিৰ আসন অলঙ্কৃত কৰে সভাপতি অক্ষয় কুমাৰ মিশ্ৰই ।শুভাৰম্ভণি পৰ্বত বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে মাংগলিক পৰিবেশৰ সূচনা কৰে। চ'ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই শোক প্ৰস্তাব পাঠ কৰে। সদ্য প্ৰয়াত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মা, প্ৰবীন শিল্পী চৌকত আলী ,অধ্যাপক দিলীপ কুমাৰ চৌধুৰী, বলিউদৰ প্ৰসিদ্ধ অভিনেতা ধৰ্মেন্দ্ৰ, লোক শিল্পী ৰামচৰণ ভৰালী আৰু জ্ঞাত -অজ্ঞাত ব্যক্তিসকলৰ বিদেহ আত্মাৰ সদ্গতিৰ্থে চ'ৰাৰ সদস্যসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

কাৰ্যসূচী অনুসাৰে পহিলা ভাগতেই চ'ৰাৰ ভিন্ন ন্যাসৰ পুৰস্কাৰসমূহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পণ্ডিত ৰাজেশ্বৰ শৰ্মা আৰু জয়ন্তী প্ৰিয়া দেৱী সোঁৱৰণী ন্যাসৰ সৌজন্যত ঢেকীয়াজুলী লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ২০২৫ বৰ্ষৰ স্নাতক চূড়ান্ত পৰীক্ষাত শিক্ষা বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী পিংকী বৰঠাকুৰক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ দাতা কনকেশ্বৰ শৰ্মাৰ অনুপস্থিতিত ৰাতুল শৰ্মাই প্ৰদান কৰে। ননী মাধৱ বৰুৱা সোঁৱৰণী ন্যাসৰ সৌজন্যত ২০২৫ বৰ্ষৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ অবিনাশ নাথক ন্যাস দাতা প্ৰশান্ত মাধৱ বৰুৱাৰ অনুপস্থিতিত সভাপতি অক্ষয় কুমাৰ মিশ্ৰই এই বটা প্ৰদান কৰে।

চন্দ্ৰকান্ত দেৱ শৰ্মা সোঁৱৰণী ন্যাসৰ সৌজন্যত ২০২৫ বৰ্ষৰ স্নাতক চূড়ান্ত পৰীক্ষাত দৰং মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী দীপশিখা পাটোৱাৰীক এই বঁটা প্ৰদান কৰা হয়। এই বটাৰ দাতা প্ৰয়াত দিলীপ শৰ্মা আৰু প্ৰয়াত বিমলি দেৱী, বঁটা প্ৰদান কৰে নিজৰা শৰ্মাই। পুষ্পকান্ত দাস সোঁৱৰণী ন্যাসৰ সৌজন্যত তেজপুৰৰ তিনিখন মহাবিদ্যালয়ৰ ভিতৰত ২০২৫বৰ্ষৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দৰং মহাবিদ্যালয়ৰ ছাত্ৰী হিয়ামণি বৈশ্যক এই বটা প্ৰদান কৰা হয়। ছাত্ৰীগৰাকীৰ অনুপস্থিতিত পিতৃ জিতুমণি বৈশ্যইএই বঁটা প্ৰদান গ্ৰহণ কৰে। ন্যাস দাতা ধ্ৰুৱজ্যোতি দাসৰ অনুপস্থিতিত চ'ৰাৰ সদস্য নবীন চন্দ্ৰ লহকৰে এই বঁটা প্ৰদান কৰে ।

প্ৰফুল্ল চন্দ্ৰ গোস্বামী সোঁৱৰণী ন্যাসৰ সৌজন্যত ২০২৫ বৰ্ষৰ স্নাতক চূড়ান্ত পৰীক্ষাত তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰিয়া চাহাক ন্যাস দাতা বিদ্যুৎ বিকাশ গোস্বামীৰ হৈ জ্যোতি প্ৰসাদ গোস্বামী আৰু গৌতমী গোস্বামীয়ে প্ৰদান কৰে। হৰকান্ত শৰ্মা সোঁৱৰণী ন্যাসৰ সৌজন্যত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ ২০২৫ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপক প্ৰণামী বৰাক ন্যাস দাতা ভবানী দেৱী, ৰমণী শৰ্মাৰ অনুপস্থিতিত আন এগৰাকী ন্যাসদাতা ৰাতুল শৰ্মাই বটাটি প্ৰদান কৰে। দেবেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰা সোঁৱৰণী ন্যাসৰ সৌজন্যত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ২০২৫ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কেউটা শাখাৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দীপাংকৰ দাসক ন্যাস দাতা ড° ভাস্কৰজ্যোতি বৰা আৰু ড° বিনীতা বৰা চৌধুৰীৰ অনুপস্থিতিত সভাপতি অক্ষয় কুমাৰ মিশ্ৰই বঁটাটি প্ৰদান কৰে।বটা বিতৰণী এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা পিংকী সূত্ৰধৰ আৰু প্ৰণামী বৰাই নিজা অনুভৱ ব্যক্ত কৰে।

আনহাতে উপস্থিত অভিভাবকসকলৰ পৰা জিতুমণি বৈশ্য আৰু জ্যোতি গোস্বামী নিজা অনুভৱ সদৰি কৰে। ইয়াৰ পিচতেই চ'ৰাৰ নিয়মীয়া শিতান স্বৰচিত লেখা পাঠ কাৰ্যসূচী আৰম্ভ হয়। স্ব ৰচিত লেখা পাঠ শিতানৰ শুভৰম্ভণি কৰে ড°পল্লৱ ভট্টাচাৰ্যই 'ঊণবিংশ শতিকাৰ বৰপেটা সত্ৰ আৰু সমকালীন সমাজ : এগৰাকী ইংৰাজ লেখকৰ প্ৰতিবেদনৰ উল্লীখনেৰে ' শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। ড° শিৱৰঞ্জন মহন্তই ধৰ্মীয় দৃষ্টিৰে প্ৰবন্ধটোত উল্লেখিত তথ্য শুদ্ধ নহ'বও পাৰে বুলি মন্তব্য কৰি কেৱল ব্ৰহ্ম সংহতিয়েহে শালেগ্ৰাম পূজা কৰে মতামত প্ৰকাশ কৰে।ড০ পল্লৱ ভট্টাচাৰ্যই ধৰ্মীয় দৃষ্টিৰ সলনি প্ৰবন্ধটো ঐতিহাসিক তথ্যৰ আলমত ৰচনা কৰা হৈছে বুলি মন্তব্য কৰে।

ইয়াৰ পিচত বিশিষ্ট বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে 'শৰৎ অহাৰ উন্মাদনা, পূূজাৰ উলাহ আৰু.. শীৰ্ষক লেখা পাঠ কৰে।সভাপতি অক্ষয় কুমাৰ মিশ্ৰই প্ৰবন্ধটিত পোহৰ প্ৰদূষন সম্পৰ্কে বিশদভাবে প্ৰকাশ পাইছে বুলি মন্তব্য কৰে। স্বৰচিত লেখা পাঠ শিতানত ভুবন চন্দ্ৰ গগৈয়ে কেনেকৈ পাহৰো শীৰ্ষক কবিতা পাঠ কৰে। ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই কবিতা শ্ৰুতিমধুৰ হৈছে বুলি মন্তব্য কৰে। ইয়াৰ পিচত ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই স্মৃতি তৰ্পন: হৰেকৃষ্ণ গোস্বামী শীৰ্ষক লেখা পাঠ কৰে। সদস্য দেব দাসে লেখাটো সম্পৰ্কে আলোচনা আগবঢ়ায়।

ইয়াৰ পিচত জীতেন গোস্বামীয়ে 'নোকোৱাই ভাল' শীৰ্ষক ব্যঙ্গ ৰচনা পাঠ কৰি সকলোকে আমোদ দিয়ে। স্বৰচিত লেখা পাঠ শিতানৰ অন্তিম ভাগত ড° যতীন্দ্ৰ কুমাৰ চৌধাৰীয়ে কি শিকি মানুহবোৰ অমানুহ হয়? শীৰ্ষক কবিতা পাঠ কৰে। ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে কবিতাটো সুখপাঠ্য হৈছে বুলি মন্তব্য কৰে। পৰবৰ্তী চ'ৰাৰ বৈঠক চ'ৰা সদস্য ভুবন চন্দ্ৰ গগৈৰ চ'ৰা ঘৰত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande