
নগাঁও, ৯ ডিচেম্বৰ (হি.স.)। ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে ৰূপহীহাট।ৰূপহীহাটৰ চোকে কোনে উপলব্ধ ড্ৰাগছ। ৰূপহীহাটত নিতৌ অসাধু ব্যৱসায়ে চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও নিৰ্মুল কৰিব পৰা নাই ড্ৰাগছৰ ঘাটিসমূহ।
ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী। গুণাবাড়িত অভিযান চলাই ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক আব্দুল হান্নান নামৰ সৰবৰাহকাৰীক। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১৬.১ গ্ৰাম ড্ৰাগছ।ধৃত ড্ৰাগছ সৰবৰাহকাৰী আব্দুল হান্নানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ