জাগীৰোডত পিএমএজিৱাইৰ অধীনৰ হিতাধীকাৰীক গৃহ অনুমোদন পত্র প্রদান
মৰিগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ জাগীৰোডতো প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনৰ পৰিয়ালক গৃহ নিৰ্মাণৰ অনুমোদন বিতৰণ কাৰ্যসূচী মঙলবাৰে শুভাৰম্ভ কৰা হয়। জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক ৰা
জাগীৰোডত PMAGYৰ অধীনৰ হিতাধীকাৰীক গৃহ অনুমোদন পত্র প্রদান


জাগীৰোডত PMAGYৰ অধীনৰ হিতাধীকাৰীক গৃহ অনুমোদন পত্র প্রদান


মৰিগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ জাগীৰোডতো প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনৰ পৰিয়ালক গৃহ নিৰ্মাণৰ অনুমোদন বিতৰণ কাৰ্যসূচী মঙলবাৰে শুভাৰম্ভ কৰা হয়। জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাৰ যোগেৰে । জিলা খনৰ মুঠ ১২৭১২ গৰাকীৰ ভিতৰত জাগীৰোড সমষ্টিৰ ৫৮৬ গৰাকী হিতাধিকাৰীলৈ আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ বিতৰণ কৰা হয়।

অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ অধ্যক্ষ অনন্ত গগৈ, জাগীৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস, মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰনতি কলিতা ডেকা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এইবেলি এই আচঁনিত শৌচাগাৰ নিৰ্মাণৰ বাবে অতিৰিক্ত পুঁজি আবণ্টন দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande