
নগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ৰহাৰ জাগীয়ালত ভয়ংকৰ পথ দুৰ্ঘটনা। মৰণা মৰা যন্ত্ৰ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু দুজনৰ।
নিহত লোক কেইজনৰ নাম অজয় কোঁৱৰ আৰু নৱকৃষ্ণ ডেকাৰজা বুলি জানিব পৰা গৈছে। জাগীয়ালৰ এখন পথাৰৰ পৰা অন্য এখন পথাৰলৈ ট্ৰেক্টৰৰ জড়িয়তে কঢ়িয়াই নিছিল যন্ত্ৰটো। নিহত দুয়োজন উঠি আহিছিল যন্ত্ৰটোৰ ওপৰত।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে দুয়োকে হেচি ধৰে যন্ত্ৰটোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা