
কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ বদলা বজাৰত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এটি ৬ বছৰীয়া শিশু।
নিহত শিশুটি বদলাৰ আশ্ৰাফ আলীৰ কণিষ্ঠ সন্তান ৰবিদুল ইছলাম।ঘৰৰ পৰা ওলোৱাৰ পিছতে তীব্ৰবেগী বাছে মহতিয়াই নিয়ে শিশুটিক এ এছ ০১ কে চি ৫০৮০ নম্বৰৰ বাছে মহতিয়াই নিলে শিশুটিক। বকোৰ মুখ্যমন্ত্ৰীৰ সভাৰ পৰা যাত্ৰীলৈ ঘৰলৈ গৈ থকা অৱস্থাতে বদলাত দুৰ্ঘটনা সংঘটিত কৰে বাছ গাড়ীখনে। ইতিমধ্যে সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চালকক আটক কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ