
নতুন দিল্লী, ০৯ ডিচেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এনডিএ)ৰ মঙলবাৰে সংসদীয় দলৰ বৈঠকত দলৰ সকলো সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিহাৰ নিৰ্বাচনত দলটোৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জনায়।
সাংসদ উপেন্দ্ৰ কুশৱাহা আৰু ৰাজীৱ ৰঞ্জনৰ লগতে আন কেইবাজনো লোকে প্ৰধানমন্ত্ৰী মোডীক মালাৰে আদৰণি জনায়। আজি সংসদ পুথিভঁৰাল ভৱনৰ জিএমচি বালযোগী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদক সম্বোধন কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদৰ সৈতে নিৰ্বাচনী সংস্কাৰৰ বাবে চলি থকা প্ৰচাৰ সন্দৰ্ভত কথা পাতিছিল আৰু আগন্তুক নিৰ্বাচনৰ বাবেও পথ প্ৰদৰ্শন আগবঢ়ায়।
সূত্ৰ অনুসৰি অহা ১১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এৰ সাংসদসকলৰ সৈতে নিশাৰ আহাৰৰ সময়ত আলোচনা কৰিব। লগতে আজি বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ৰাজ্যসভাত এক আলোচনা অনুষ্ঠিত হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ