
মৰিগাঁও,০৯ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ মায়ঙৰ হাতীগড় কুছিয়ানিৰ বিদ্যাৰাম শইকীয়া নামৰ লোক জন বহিঃৰাজ্য চেন্নাইলৈ গৈ সন্ধানহীন হৈ আছে। বিগত ৫ ডিচেম্বৰৰ দিনা গোলাঘাটৰ অনুপ চেতিয়া নামৰ এজন যুৱকৰ সৈতে চেন্নাই লৈ বুলি কামৰ সন্ধানত ওলাই গৈছিল যদিও ৬ ডিচেম্বৰৰ পৰা আকস্মিক ভাৱে যোগাযোগ বিচ্ছিন্ন হৈ পৰে পৰিয়ালৰ লোকৰ সৈতে।
অনুপ চেতিয়াই পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰে যে অন্ধ্ৰ প্ৰদেশৰ এটা ৰেল ষ্টেচনত বিদ্যাৰাম নামি গৈছিল। তাৰ পিছতেই সন্ধানহীন হৈ পৰে। বৰ্তমানলৈ সন্ধান উলিয়াব পৰা নাই।নিৰুদ্দিষ্ট বিদ্যাৰাম শইকিয়াৰ পৰিয়ালৰ লোকে মায়ঙ আৰক্ষী থানাত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা