
গোলাঘাট, ০৯ ডিচেম্বৰ (হি.স.)। নুমলীগড়ৰ মজদুৰ সংঘ,ভূমি সংৰক্ষণ সমিতি, আটছা আৰু আচ্ছা, চাহ শ্ৰমিকৰ ৰ উদ্যোগত আজি বৃহত প্ৰতিবাদ ।
লেটেকুজান চাহবাগিছাৰ ৭৫ বিঘা ভূমি এন আৰ এল য়ে অধিগ্ৰহণ কৰাৰ বিৰোধিতা, ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায় দিয়াৰ দাবী, স্থানীয় লেটেকুজান চাহ চাহ শ্ৰমিক, নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপন প্ৰদান কৰা আদিৰ দাবীত চাহ বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰিছে বৃহত প্ৰতিবাদ। প্ৰতিবাদত শ শ পুৰুষ মহিলাৰ অংশগ্ৰহণ। এন আৰ এল হায় হায়, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে কপায় তুলিছে সমগ্ৰ অঞ্চল । প্ৰতিবাদ কাৰী সকলে লেটেকুজান চাহবাগিছাৰ পৰা সমদল কৰি এন আৰ এল মূখ্যদ্বাৰ আৰু মৰঙি ৰাজহচক্ৰ কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ