গোৰেশ্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী
তামুলপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। গোৰেশ্বৰৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান।অসমৰ মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ‍্যখনত আজি ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY-G) আঁচনি ৰূপায়ন কৰে । অনুষ্ঠানত চৰকাৰৰ পঞ্চায়ত আৰু গ্
গোৰেশ্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী


তামুলপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। গোৰেশ্বৰৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান।অসমৰ মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ‍্যখনত আজি ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY-G) আঁচনি ৰূপায়ন কৰে । অনুষ্ঠানত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধিনৰ ৬খন ভিচিডিচিৰ ১০৭৪ গৰাকী হিতাধিকাৰীক এই অনুমোদন পত্ৰ প্ৰদান কৰে ।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে শুক্লাই চেৰফাংৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য় গনেশ কছাৰী তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত,গোৰেশ্বৰৰ খণ্ড উন্নয়ন বিষয়া, গোৰেশ্বৰৰ এমচিএলএ মহেশ্বৰ বসুমতাৰী, তামুলপুৰ জিলা বিজেপি সভাপতি ভিক্টৰ কুমাৰ দাস। প্ৰধানমন্ত্ৰী আৱাস যোজনা আচনীয়ে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ ৰাইজক যথেষ্ট উপকৃত কৰাৰ লগতে যিসকল দৰিদ্ৰ লোকে এতিয়াও এই আঁ‌চনিৰ অন্তৰ্ভূক্ত হোৱা নাই,তেওলোকক পৰ্যায়ক্ৰমে এই আঁ‌চনীৰ অন্তৰ্ভূক্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে গোৰেশ্বৰ খণ্ড বিষয়াই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande