
নলবাৰী, ০৯ ডিচেম্বৰ (হি.স.)। নলবাৰী চৰকাৰী গৰ্ডন স্কুল খেল পথাৰত নলবাৰী সমষ্টিৰ হিতাধিকাৰীৰ মাজত আজি প্ৰধান মন্ত্ৰী আৱাস যোজনা আচনিৰ গৃহৰ চেক বিতৰণ কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।আজি নলবাৰী সমষ্টিৰ ২৫৪১ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ।
জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ ভাষনত কয় যে চাৰে চাৰিটা বছৰত নলবাৰী সমষ্টিত ২০ হেজাৰ হিতাধিকাৰীক প্ৰদান কৰা হয় প্ৰধান মন্ত্ৰী আৱস যোজনাৰ গৃহ । ইয়াৰ ভিতৰত ১৩ হেজাৰ সংখ্যা লঘু লোকে লাভ কৰিছে এই গৃহ । বিজেপি চৰকাৰক বিভিন্ন সময়ত মুছলমান বিৰোধী চৰকাৰ বুলি সমালোচনা কৰা হয় । কিন্তু প্ৰকৃতাৰ্থত বিজেপি চৰকাৰে সকলো সম্প্ৰদায়কে সম দৃষ্টিৰে চাই । সভাৰ আৰম্ভণিতে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আদৰণি ভাষন ৰাখে । ভাষন প্ৰসংগত হিতাধিকাৰঘ সকলক এই গৃহ সমূহ আধৰুৱাকৈ নাৰাখি সম্পূৰ্ণ কৰাৰ পৰামৰ্শ প্ৰদান কৰে জিলা আয়ুক্ত গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ