
কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ নৱগঠিত হাজো-শুৱালকুছি বিধানসভা সমষ্টিতো আজি (পিএমএৱাই) প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ ৫,৩০০ শ গৰাকী হিতাধিকাৰীক প্ৰদান কৰে।হাজো উন্নয়ন খণ্ডৰ সভাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰে।
এই হিতাধিকাৰী সকলে তিনিটা কৃস্তিত ধনৰাশি লাভ কৰিব বুলি বিধায়িকা সুমন হৰিপ্ৰিয়াই উল্লেখ কৰে।অনুমোদন পত্ৰ বিতৰণ কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।উক্ত কাৰ্য্যসূচীত হাজো উন্নয়ন খণ্ড খণ্ড উন্নয়ন বিষয়া গণেশ ডেকা আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া,হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণ বৰ্মনকে ধৰি কেবাগৰাকীও বিশিষ্ট লোকৰ উপৰিও হিতাধিকাৰী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ