মাহমৰা উন্নয়ন খণ্ড, লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পিএমৱাইৰ মুঠ ৩০৭০ টা পৰিয়ালক গৃহ প্ৰদান
চৰাইদেউ, ৯ ডিচেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টি মাহমৰা উন্নয়ন খণ্ড, লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পিএমৱাইৰ মুঠ ৩০৭০ টা পৰিয়ালক গৃহ প্ৰদান অনুষ্ঠান আজি মাহমৰাৰ জজলী পাচ আলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য
মাহমৰা উন্নয়ন খণ্ড, লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পিএমৱাইৰ মুঠ ৩০৭০ টা পৰিয়ালক গৃহ প্ৰদান


চৰাইদেউ, ৯ ডিচেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টি মাহমৰা উন্নয়ন খণ্ড, লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পিএমৱাইৰ মুঠ ৩০৭০ টা পৰিয়ালক গৃহ প্ৰদান অনুষ্ঠান আজি মাহমৰাৰ জজলী পাচ আলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন। লগতে চৰাইদেউ জিলা আয়ুক্ত নেহা যাদৱ, মাহমৰা সমজিলা আয়ুক্ত দিনচেংফা বৰুৱা, মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া উৎপল গগৈ, লাকুৱা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া অন্তৰা হুছেইনৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু দহ সহশ্ৰাধিক সমষ্টিৰ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande