
ধুবুৰী, ৯ ডিচেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল যোগে ১২৬ টা সমষ্টিত শুভ উদ্বোধন কৰে জনহিতকৰ আচঁনিখন।ৰাজ্যৰ ৩,২৫,২৩৪ গ্ৰামীণ পৰিয়ালক প্রধানমন্ত্রী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই!
সমান্তৰালভাৱে বাবে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিত চাপৰ- শালকোচা আৰু বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ ২১৫৪ টা পৰিয়ালকপ্রধানমন্ত্রী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক তথা বিপনন নিগম,অসমৰ অধ্যক্ষ ড° অশোক কুমাৰ সিংহী, কে এ চিৰ চীফ জীবেশ ৰয়, প্ৰাক্তন বিধায়ক ভুপেন ৰায়,বিলাসীপাৰা সমজিলা আয়ুক্ত ড° প্ৰীতিলেখা ডেকা, চাপৰ শালকোচা আৰু বিলাসীপাৰা উন্নয়ন খণ্ড বিষয়া ববীয়াৰ লগতে বিভিন্ন পঞ্চায়তৰ জনপ্ৰতিনিধি সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ