শোণিতপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণৰ অধীনত জিলাখনৰ বিধানসভা সমষ্টিত অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শোণিতপুৰ জিলাতো প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিতে অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বিধানসভা সমষ্টি পর্যা
শোণিতপুৰ জিলাতো  প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিতে অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়

শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি শোণিতপুৰ জিলাতো প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত জিলাখনৰ পাঁচোটা বিধানসভা সমষ্টিতে অনুমোদন পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বিধানসভা সমষ্টি পর্যায়ৰ অনুষ্ঠানসমূহত মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থকা কামৰূপৰ বকোৰ পৰা কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ।

উল্লেখযোগ্য যে, বকোৰ এই অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ অসমৰ ৩.২৫ লাখৰো অধিক পৰিয়ালক পিএমএৱাই-জি অধীনত গৃহৰ বাবে ৰাজ্যজুৰি অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলাত অনুষ্ঠিত হোৱা বিতৰণ অনুষ্ঠানত মাননীয় কেবিনেট মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক শ্ৰী অশোক সিংহল; বৰচলাৰ মাননীয় বিধায়ক শ্ৰী গণেশ কুমাৰ লিম্বু; তেজপুৰৰ মাননীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা; ৰঙাপৰাৰ মাননীয় বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতীৰ সৈতে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী মনীষা উপাধ্যায় আৰু নদুৱাৰৰ মাননীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাই নিজ নিজ বিধানসভা সমষ্টিত অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ লগতে বৰচলাৰ সম-জিলা আয়ুক্ত শ্ৰী কমল বৰুৱাই বৰচলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে; নদুৱাৰত এই অনুষ্ঠানত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয় শ্ৰী জয়ন্ত কুমাৰ বৰাৰ লগতে নদুৱাৰৰ সম-জিলা আয়ুক্ত শ্ৰী মানশ কুমাৰ শইকীয়াই অংশগ্ৰহণ কৰে; তেজপুৰত এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জেমছ আইণ্ডে অংশগ্ৰহণ কৰে ।

ইয়াৰোপৰি, ঢেকিয়াজুলিৰ সম-জিলা আয়ুক্ত শ্ৰীমতী দ্যোতিভা বৰাই ঢেকিয়াজুলিত আৰু ৰঙাপৰাৰ সম-জিলা আয়ুক্ত শ্ৰীমতী সাংস্কৃতি সোমানীয়ে ৰঙাপৰাত অংশ গ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠান সমূহত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু খণ্ড উন্নয়ন বিষয়াসকলে নিজ নিজ সমষ্টি ভিত্তিক অনুষ্ঠানত উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

 rajesh pande