প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শনৰ ‘সুপ্ৰভাতম’ কাৰ্যসূচীক ভাৰতীয় সংস্কৃতিৰ সংগম বুলি অভিহিত
নতুন দিল্লী, ০৯ ডিচেম্বৰ (হি..)। দূৰদৰ্শনৰ ‘সুপ্ৰভাতম’ অনুষ্ঠানত প্ৰতিদিনে সম্প্ৰচাৰিত সংস্কৃত সুভাষিতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই পৰম্পৰাই ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ধাৰাবাহিকতাক প্ৰতিফলিত কৰে। সুপ্ৰভাতম ক
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


নতুন দিল্লী, ০৯ ডিচেম্বৰ (হি..)। দূৰদৰ্শনৰ ‘সুপ্ৰভাতম’ অনুষ্ঠানত প্ৰতিদিনে সম্প্ৰচাৰিত সংস্কৃত সুভাষিতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই পৰম্পৰাই ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ধাৰাবাহিকতাক প্ৰতিফলিত কৰে। সুপ্ৰভাতম কাৰ্যসূচীত প্ৰতিদিনে পুৱা মূল্যবোধ, পৰম্পৰা, সংস্কৃতিৰ এক সুন্দৰ সংগম উপস্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ইনষ্টাগ্ৰামত এক পোষ্ট যোগে এই মন্তব্য কৰে। সংস্কৃত ভাষাত লিখা তেওঁৰ বাৰ্তাত তেওঁ উল্লেখ কৰে যে দূৰদৰ্শনৰ সুপ্ৰভাতম কাৰ্যসূচীত প্ৰতিদিনে জীৱনৰ বিভিন্ন দিশক সম্বোধন কৰি এটি সুভাষিত উপস্থাপন কৰা হয়। তেওঁ নিজৰ পোষ্টত সংস্কৃত শ্লোক এটাও সন্নিবিষ্ট কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে নিজৰ পোষ্টত উল্লেখ কৰিছে যে সুপ্ৰভাতমত সম্প্ৰচাৰিত এই শ্লোকসমূহে ভাৰতীয় সংস্কৃতিৰ সমৃদ্ধি প্ৰদৰ্শন কৰাই নহয়, ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মকো আকৰ্ষণ কৰে। ভাৰতীয় ভাষা বিশেষকৈ সংস্কৃত ভাষাত সন্নিৱিষ্ট প্ৰজ্ঞা আৰু ধাৰণাসমূহে আজিও সমাজক অনুপ্ৰাণিত কৰি আহিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande