লালকিল্লা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত জম্মু-কাশ্মীৰ বনাঞ্চলত এন আই এৰ তালাচী
শ্ৰীনগৰ, ০৯ ডিচেম্বৰ (হি.স.)। দিল্লীৰ লালকিল্লাৰ সমীপত ১০ নৱেম্বৰত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে মঙলবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা দলে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন বনাঞ্চলত তালাচী চলায়। বিষয়াসকলে জনোৱা মতে, আৰক্ষী আৰু চি আৰ
লালকিল্লা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত জম্মু-কাশ্মীৰ বনাঞ্চলত এন আই এৰ তালাচী


শ্ৰীনগৰ, ০৯ ডিচেম্বৰ (হি.স.)। দিল্লীৰ লালকিল্লাৰ সমীপত ১০ নৱেম্বৰত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্তৰ অংশ হিচাপে মঙলবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা দলে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন বনাঞ্চলত তালাচী চলায়।

বিষয়াসকলে জনোৱা মতে, আৰক্ষী আৰু চি আৰ পি এফৰ সহায়ত এন আই এৰ বিষয়াসকলে “হোৱাইট কলাৰ” সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত দুজন অভিযুক্ত ডাঃ আদিল ৰাথেৰ আৰু জাছিৰ বিলাল ৱানীক লৈ আহে। বিষয়াসকলৰ মতে, অভিযুক্ত দুজনে দক্ষিণ কাশ্মীৰ জিলাৰ মত্তন বনাঞ্চলৰ কিছুমান আত্মগোপনৰ বিষয়ে তদন্তকাৰীক জনাইছিল। অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande