
হোজাই, ০৯ ডিচেম্বৰ (হি.স.)। লামডিঙত অনুষ্ঠিত এন এফ ৰেলৱে এম্প্লয়িজ ইউনিয়নৰ ৩৮তম দ্বিবার্ষিক অধিবেশনত উপস্থিত আছিল উত্তৰ পূব সীমান্ত ৰেলৰ জেনেৰেল মেনেজাৰ চেতন শ্ৰীবাস্তৱ আৰু এন এফআই আৰৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ডাঃ এম. ৰাঘৱাইয়া সহ অন্যান্য নেতৃবৃন্দ।
ত্ৰিপুৰা, পশ্চিমবঙ্গ, অসম আদি ৰাজ্যৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰায় ৫০০০ৰ অধিক কৰ্মচাৰী এই সভাত উপস্থিত হৈছিল।
প্ৰতিনিধি সকলৰ আগমনৰ বাবে ৰেল কর্তৃপক্ষৰ পক্ষৰ পৰা বিশেষ ৰেল আৰু বিশেষ কোটচৰ ব্যৱস্থা কৰা হৈছিল। নতুন কৰ্মচাৰী নিযুক্তি, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ বলবৎ কৰাৰ দাবীসহ বিভিন্ন সমস্যাৰ বিষয়ে এনএফ ৰেলৱে এমপ্লয়িজ ইউনিয়নে দাবী জনায়।
অনুষ্ঠানৰ শেষত জিএম চেতন শ্ৰীবাস্তৱে জানিবলৈ দিয়ে যে যাত্ৰীৰ সুবিধাৰ বাবে ২.৫ কোটি টকাৰ অনুমোদনেৰে লামডিঙত এটা অতিথিশালা নিৰ্মাণ কৰা হ'ব আৰু প্ৰয়াত সংগীত শিল্পী জুবিন গাৰ্গৰ নামেৰে গুৱাহাটীৰ মালিগাঁওত এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা