নেপালঃ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰৰ ওপৰত গণভোটৰ দাবী
কাঠমাণ্ডু, ০৯ ডিচেম্বৰ (হি.স.)। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নেপালত হিন্দু ৰাষ্ট্ৰৰ ওপৰত গণভোট আৰু ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীয়ে গতি লাভ কৰিছে। দেশত হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দিয়া ৰাজনৈতিক কৰ্মী দুৰ্গা পাৰ্ছাইয়ে
प्रधानमंत्री सुशीला कार्की से मुलाकात कर दुर्गा प्रतिमा भेंट करते हुए दुर्गा प्रसाई


কাঠমাণ্ডু, ০৯ ডিচেম্বৰ (হি.স.)। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নেপালত হিন্দু ৰাষ্ট্ৰৰ ওপৰত গণভোট আৰু ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীয়ে গতি লাভ কৰিছে।

দেশত হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দিয়া ৰাজনৈতিক কৰ্মী দুৰ্গা পাৰ্ছাইয়ে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ সৈতে সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে।

সিংহ দৰবাৰত অনুষ্ঠিত এখন বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী কাৰ্কীয়ে পাৰ্ছাইৰ উত্থাপিত বিষয় আৰু তেওঁৰ প্ৰচাৰৰ বিষয়ে বিতংভাৱে চৰ্চা কৰে। আলোচনাৰ সময়ত পাৰ্ছাইয়ে প্ৰধানমন্ত্ৰীক এই দাবীসমূহ গুৰুত্বসহকাৰে ল’বলৈ অনুৰোধ জনায়। পাৰ্ছাইয়ে উল্লেখ কৰে যে এই দাবীসমূহ ব্যক্তিগত নহয় বৰঞ্চ সাধাৰণ জনতাৰ দাবী।

প্ৰধানমন্ত্ৰী কাৰ্কীয়ে উল্লেখ কৰে যে চৰকাৰে ১৭ ডিচেম্বৰলৈকে আভ্যন্তৰীণ আলোচনা কৰিব, আৰু তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব।

বৈঠকৰ অন্তত পাৰ্ছাইয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী কাৰ্কি আৰু গৃহমন্ত্ৰী ওম প্ৰকাশ আৰিয়াল দুয়োজনে এই দাবীসমূহ গুৰুত্বসহকাৰে লৈ আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

তেওঁলোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰিলে নিৰ্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব বুলিও প্ৰধানমন্ত্ৰীক অৱগত কৰা বুলিও দাবী কৰে পাৰ্ছাইয়ে।

তেওঁ সকীয়াই দিয়ে যে জেন-জি আন্দোলনৰ পিছত গঠন হোৱা বৰ্তমানৰ অসামৰিক চৰকাৰে যদি তেওঁলোকৰ দাবীক গুৰুত্ব নিদিয়ে তেন্তে তেওঁলোকে হয়তো অধিক তীব্ৰ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ব।

তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছিল বৰ্তমানৰ সংবিধানৰ অন্তৰ্নিহিত ধৰ্মনিৰপেক্ষতাক নাকচ কৰা, দেশখনক বৈদিক, সনাতন, হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰা, বৰ্তমানৰ ফেডাৰেল ব্যৱস্থাৰ ঠাইত পূৰ্বৰ দৰে পাঁচটা উন্নয়ন অঞ্চলৰ ব্যৱস্থা কৰা, গণৰাজ্যৰ পৰিৱৰ্তে সাংবিধানিক ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ কৰা, আনুপাতিক নিৰ্বাচনী ব্যৱস্থাটো নাইকিয়া কৰা আদি।

পাৰ্ছাইয়ে উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে অন্ততঃ হিন্দু ৰাষ্ট্ৰ আৰু ৰাজতন্ত্ৰক লৈ গণভোট অনুষ্ঠিত কৰিব লাগে। পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাত এই সন্দৰ্ভত চৰকাৰে নিজৰ আনুষ্ঠানিক স্থিতি দাঙি ধৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande