
নতুন দিল্লী, ০৯ ডিচেম্বৰ (হি.স.)। মাইক্ৰ’ছফ্টৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজনে ভাৰতৰ ক্ৰমাৎ বৃদ্ধি পোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) উপস্থিতিৰ বিষয়ে আলোচনা কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পিছত সত্য নাডেলাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি ভাৰতৰ ‘এআই-প্ৰথম ভৱিষ্যত’ক সমৰ্থন কৰিবলৈ ১৭.৫ বিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১.৫ লাখ কোটি ₹)ৰ বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰে। এই বিনিয়োগক এছিয়াত কোম্পানীটোৰ এতিয়ালৈকে সৰ্ববৃহৎ বিনিয়োগ বুলি গণ্য কৰা হয়।
‘এক্স’ত নাডেলাই লিখিছে যে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এআইৰ সম্ভাৱনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ এক প্ৰেৰণাদায়ক বাৰ্তালাপ হৈছিল। তেওঁ কয়, “ভাৰতৰ আকাংক্ষাক শক্তিশালী কৰিবলৈ মাইক্ৰ’ছফটে এছিয়াত আজিলৈকে সৰ্বাধিক বিনিয়োগ কৰিছে—১৭.৫ বিলিয়ন ডলাৰ—দেশৰ এআই-প্ৰথম ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, দক্ষতা, আৰু সাৰ্বভৌম ক্ষমতা বিকাশৰ বাবে।”
নাডেলাই এক্সত পোষ্ট কৰিছিল, “ধন্যবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ভাৰতত এআইৰ সুযোগ সন্দৰ্ভত আপোনাৰ প্ৰেৰণাদায়ক কথা-বতৰাৰ বাবে।দেশৰ আকাংক্ষাক সমৰ্থন কৰিবলৈ মাইক্ৰ’ছফটে ১৭.৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে—এচিয়াত আজিলৈকে আমাৰ সৰ্ববৃহৎ বিনিয়োগ—ভাৰতৰ এআই-প্ৰথম ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, দক্ষতা, আৰু সাৰ্বভৌম সামৰ্থ্য গঢ়ি তোলাত সহায় কৰিবলৈ।”
প্ৰধানমন্ত্ৰী মোদীয়ে নাডেলাৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই লিখিছে, ‘এআইৰ কথা আহিলে বিশ্বই ভাৰতক লৈ অতি আশাবাদী।সত্য নাডেলাৰ সৈতে এক সুন্দৰ কথা-বতৰা পাতিলোঁ।এইটো দেখি আনন্দিত হ’ল যে ভাৰততেই মাইক্ৰ’ছফটে আজিলৈকে এছিয়াত সৰ্বাধিক বিনিয়োগ কৰিব।ভাৰতৰ যুৱক-যুৱতীসকলে এই সুযোগৰ সহায় লৈ এআইৰ শক্তিক এক উন্নত পৃথিৱীৰ বাবে উদ্ভাৱন আৰু ব্যৱহাৰ কৰিব।”
हिन्दुस्थान समाचार / অৰৱিন্দ