
লণ্ডন, ০৯ ডিচেম্বৰ (হি.স.)। এছেছ ২০২৫ শৃংখলাৰ বাবে ইংলেণ্ডৰ আশাত আন এক বৃহৎ আঘাত। বাওঁ আঁঠুৰ আঘাতৰ বাবে ফাষ্ট বলাৰ মাৰ্ক উডে সমগ্ৰ এছেছ শৃংখলাৰ পৰা বাহিৰ হৈছে। পাৰ্থত অনুষ্ঠিত প্ৰথমখন টেষ্টত ইংলেণ্ডে ৮ উইকেটত পৰাস্ত হোৱাৰ সময়তে ৩৫ বছৰীয়া উডে এই আঘাতৰ সন্মুখীন হয়। এই একেটা আঘাতৰ বাবেই তেওঁক এইবাৰ উল্লেখযোগ্য সময় ধৰি ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিছিল।
ব্রিজবেনৰ গাবাত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টতো অংশ ল’ব নোৱাৰিলে আৰু ১৭ ডিচেম্বৰত এডিলেইডত আৰম্ভ হ’বলগীয়া অন্তিম তিনিখন টেষ্টৰ বাবে দলৰ অংশ নহ’ব ৷ ফেব্ৰুৱাৰী মাহত আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত পাৰ্থ টেষ্টখনেই আছিল তেওঁৰ প্রথম প্রতিযোগিতামূলক মেচ যদিও আঘাতৰ উভতি অহাৰ ফলত ইংলেণ্ডৰ অসুবিধা আৰু অধিক বৃদ্ধি পাইছে৷ বয়স আৰু ধাৰাবাহিক আঘাতৰ বাবে তেওঁৰ দীৰ্ঘম্যাদী আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈও প্ৰশ্ন উত্থাপন হৈছে।
মাৰ্ক উডে চলিত সপ্তাহৰ শেষৰ ফালে ইংলেণ্ডলৈ উভতি আহি ইচিবিৰ চিকিৎসা দলৰ তত্বাৱধানত পুনৰ্বাসন আৰম্ভ কৰিব। উডৰ ঠাইত ইংলেণ্ডে ছাৰেৰ বেগী বলাৰ মেথিউ ফিচাৰক নিযুক্তি দিছে। ২৮ বছৰীয়া ফিচাৰে বৰ্তমান ইংলেণ্ড লায়ন্সৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি আছে। এই ভ্ৰমণত তেওঁ তিনিখন মেচত দুটা উইকেট দখল কৰিছে, য’ত লিলাক হিলত খেলা ৱাৰ্ম আপ মেচখনত জেক ক্ৰ’লিৰ উইকেটটোও আছে।
শেহতীয়াকৈ ব্রিজবেনত অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে লায়ন্সৰ ইনিংছত পৰাজয়ৰ সময়ত ফিচাৰে ৩১ অভাৰত ১০৫ ৰান দি উইকেটবিহীন হৈ পৰে৷ ফিচাৰে এতিয়ালৈকে মাত্ৰ এখন টেষ্ট মেচহে খেলিছে, ২০২২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। সেই মেচখনত তেওঁ এন্টিগুয়াত ১/২১ৰ সংখ্যা ৰেকৰ্ড কৰিছিল।
মাৰ্ক উডৰ অনুপস্থিতিয়ে ইতিমধ্যে এছেছত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হোৱা ইংলেণ্ডৰ দ্ৰুত বলিং ইউনিটক আৰু অধিক দুৰ্বল কৰি তুলিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ