গৌৰীপুৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত তীব্ৰ উত্তেজনা
ধুবুৰী, ৯ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত আজি তীব্ৰ উত্তেজনা।ইয়াৰ পাছতে হাস্পতালখন বন্ধি কৰি দিবলৈ দাবী জনাই ক্ষোভিত হয় আত্মীয়। ঘটনাৰ বিৱৰণি মতে, কোকৰাঝাৰ জিলাৰ কাজিগাঁও অঞ্চলৰ মফিদা খাতুন (১৭)নামৰ কলেজিয
গৌৰীপুৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত তীব্ৰ উত্তেজনা


ধুবুৰী, ৯ ডিচেম্বৰ (হি.স.)। গৌৰীপুৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত আজি তীব্ৰ উত্তেজনা।ইয়াৰ পাছতে হাস্পতালখন বন্ধি কৰি দিবলৈ দাবী জনাই ক্ষোভিত হয় আত্মীয়। ঘটনাৰ বিৱৰণি মতে, কোকৰাঝাৰ জিলাৰ কাজিগাঁও অঞ্চলৰ মফিদা খাতুন (১৭)নামৰ কলেজিয়া ছোৱালী গৰাকীয়ে এক পথ দুৰ্ঘটনাত এখন ভৰি ভাঙি যায়।

পিছে শনিবাৰ ৰাতি পৰিয়ালৰ লোকে গৌৰীপুৰ মাজমজিয়াত অৱস্থিতিত ব্যক্তিগত চিকিৎসালয় পপুলাৰ হাসপাতালত ভৰ্ত্তি কৰায় ছোৱালী জনীক।চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ সময়ত ছোৱালী জনীৰ অৱস্থা ঠিকে আছিল বুলি পৰিয়ালৰ লোক জনাই দিয়ে।ৰাতি অস্ত্ৰপ্ৰচাৰ কৰাৰ বাবে ৰক্তৰ প্ৰয়োজনত ধুবুৰী মেডিকেল কলেজৰ পৰা ৰক্ত আনে বুলি জানিব দিয়ে। অস্ত্ৰপ্ৰচাৰ কৰাৰ পিছতেই চিকিৎসালয়ত ছোৱালী জনীৰ মৃত্যু হোৱাত হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত । ছোৱালী জনীৰ এই মৃত্যুক সহজভাৱে মানি লব নোৱাৰাৰ লগতে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই যুৱকজনৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷

পৰিয়াল আৰু আত্মীয় লোকসকলে ন্যায় বিচাৰি জবাবদিহি কৰে চিকিৎসালয় কৰ্তৃপক্ষক ।ঘটনস্থলীত গৌৰীপুৰ আৰক্ষী উপস্হিতহৈ ছোৱালী জনীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande