নাওশলীয়া উদয়পুৰ গাঁৱৰ একশৰণ ভাগৱতী সমাজৰ নামঘৰত গুৰু আসন প্ৰতিষ্ঠা
যোৰহাট, ০৯ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ একশৰণ ভাগৱতী সমাজৰ পালনামাচাৰ্য বুঢ়াআতা শৈলন দাস আৰু সহযোগী বকুল দাস আতায়ে।ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজ,অসমৰ অধ্যক্ষ প্ৰতাপচন্দ্ৰ মেধি আতায়ে, সহযোগী হিচাপে উপস্থিত থাকে একশৰণ ভাগৱতী সমাজ,অসমৰ
নাওশলীয়া উদয়পুৰ গাঁৱৰ একশৰণ ভাগৱতী সমাজৰ নামঘৰত গুৰু আসন প্ৰতিষ্ঠা


যোৰহাট, ০৯ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ একশৰণ ভাগৱতী সমাজৰ পালনামাচাৰ্য বুঢ়াআতা শৈলন দাস আৰু সহযোগী বকুল দাস আতায়ে।ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজ,অসমৰ অধ্যক্ষ প্ৰতাপচন্দ্ৰ মেধি আতায়ে, সহযোগী হিচাপে উপস্থিত থাকে একশৰণ ভাগৱতী সমাজ,অসমৰ উপাধ্যক্ষ যোগেন দাস আতা।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে যোৰহাট জিলাৰ একশৰণ ভাগৱতী সমাজৰ সভাপতি গঙ্গাৰাম দাস বাপ,সম্পাদক ৰাকেশ কাকতি বাপ,উপ-সভাপতি ভূৱন দাস আতা, যোগেশ্বৰ দাস আতাৰ লগতে সমূহ ভক্তপ্ৰাণ ভকত বৈষ্ণৱ।হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি দিনৰ সকলো কাৰ্যসূচীত নাওশলীয়া উদয়পুৰ গাঁও শাখাৰ সভাপতি কান্তিৰাম দাস, সম্পাদক শিৱৰাম দাস,হৰেণ দাস, গোবিন চন্দ্ৰ দাসৰ প্ৰচেষ্টাতে সকলো কাৰ্যসূচী সফল ৰূপায়ণ হয়। ৰাতিলৈ নাওশলীয়া উদয়পুৰ, একশৰণ ভাগৱতী সমাজৰ তৰুণ বিদ্যাৰ্থী সমাজৰ উদ্যোক্তাসকলৰ উদ্যোগত,উদয়ণ কলা-কৃষ্টি কেন্দ্ৰৰ কণমানি শিশু-কিশোৰসকলৰ দ্বাৰা ৰাম-পৰাজয় ভাওনা প্ৰদৰ্শন কৰে।ভাওনা উদ্বোধন কৰে দক্ষ অভিনেতা, পৰিচালক প্ৰদীপ হাজৰিকাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande