
নগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। চামগুৰিৰ ভেলেউগুৰিত বিধ্বংসী অগ্নিকাণ্ড l
ভেলেউগুৰিস্থিত আলকাতৰা গলোৱা উদ্যোগত আজি এই অগ্নিকাণ্ড সংঘটিত হয় l আলকাতৰা গলাই থকা অৱস্থাতে জ্বলি উঠে জুই l
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ বহু সময় যুজ দি এই জুই নিৰ্বাপন কৰে l অগ্নিকাণ্ডৰ ফলত উদ্যোগটোৰ কিছু ক্ষয় ক্ষতিৰ আশংকা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু