ধিঙত ১৬ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান
নগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ধিঙত ১৬ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান । বেদখলকাৰীক চৰকাৰী ভুমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে। উচ্ছেদ চলিব লগা ঠাই সমূহ । ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল , টুকটুকী ,
ধিঙত ১৬ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান


নগাঁও, ০৯ ডিচেম্বৰ (হি.স.)। ধিঙত ১৬ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান । বেদখলকাৰীক চৰকাৰী ভুমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে। উচ্ছেদ চলিব লগা ঠাই সমূহ । ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটাহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সম্পুৰ্ণ সাজু হৈছে নগাওঁ জিলা আৰক্ষী প্ৰশাসন ।

উল্লেখিত স্থান সমূহত বেদখলকাৰীয়ে অবৈধ ভাবে পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে । এই সকল বেদখলকাৰী মৎস্য পালকে চৰকাৰী ভূমি আৰু জলাশয় বেদখল কৰি পুখুৰী খন্দাৰ ফলত ধিং- বটদ্ৰৱাৰ কুৰি খনতকৈ অধিক গাৱঁৰ জন জীৱন বিপন্ন হৈ পৰিছে ।তাৰোপৰি বোৱতী জলাধাৰা বৈ যোৱা সকলো জলাশয়, দলং, কাৰ্লভাট আদি বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande