
শোণিতপুৰ, ০৯ ডিচেম্বৰ (হি.স.)। আজি পুৱা তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত গেৰেকী বালিচাপৰিত এজন লোক ঘৰচীয়া হাতীৰ আক্ৰমণত নিহত হয় ৷ স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি তেজপুৰৰ বাৰিকাচুবুৰীৰ গুদ্দুখান ওৰফে পিলপিলি নামৰ যুবকজনক আজি পুৱাতে জপুৰকলিবাৰীৰ ঋষিৰাজ কৌণ্ডিন্যৰ পোহনীয়া হাতীটোৱে আক্ৰমণ কৰে আৰু গুদ্দু নিহত হয় ৷
উল্লেখযোগ্য,ৰাইজৰ দলৰ উপ সভাপতি তথা ব্যৱসায়ী কৌণ্ডিন্যৰ কম বয়সীয়া পোহনীয়া হাতীটো বালিচাপৰিত বান্ধি থোৱা হৈছিল য’দিও হাতীটোৱে শিকলি ছিঙি সেই স্থানতে গুদ্দুক আক্ৰমণ কৰে ৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি বহুসংখ্যক লোক ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে নিহত গুদ্দুৰ আত্মীয়ই কয় যে তিনিদিন ধৰিঘৰলৈ নোযোৱা গুদ্দুক হাতীয়ে আক্ৰমণ কৰাৰ বিষয়ে জানিব পাৰি তেওঁলোক ঘটনাস্থলীলৈ আহে ৷ আনহাতে, ঠেঙৰ শিকলি ছিঙা হাতীটোক পাছত মাহুতে সেইঠাইৰ পৰা আঁতৰাই নিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷
প্ৰণিধানযোগ্য যে, এই কম বয়সীয়া হাতীটো তেজপুৰৰ প্ৰায়সংখ্যক লোকৰে পৰিচিত৷ বিভিন্ন শোভাযাত্ৰাৰ লগতে চহৰখনৰ উপৰি পাৰ্শ্বৱৰ্তিঅঞ্চলত মাহুতে লৈ ফুৰোৱা হাতীটোৱে এই ঘটনা সংঘটিত কৰা ঘটনাই সকলোকে আচৰিত কৰিছে ৷ ইপিনে নিহত লোকজনৰ আত্মীয়ই এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ