নামনি অসম, মধ্য অসমৰ পাছত এইবাৰ উজনি অসমত চলিব উচ্ছেদ
তিনিচুকীয়া, ০৯ ডিচেম্বৰ (হি.স.)। এইবাৰ তিনিচুকীয়া ৰেল বিভাগে ৰূপাই চাইডিং অঞ্চলত উচ্ছেদ কৰিবলৈ আগবাঢ়িছে । ৰেল লাইনৰ কাষত থকা বাসগৃহ, দোকানগৃহ আদিত উচ্ছেদ কৰা হব বুলি জাননী জাৰি কৰিছে বিভাগে । উক্ত জাননী লাভ কৰাৰ পাছতেই সংকিত হৈ পৰিছে ৰেল লাইনৰ কা
নামনি অসম, মধ্য অসমৰ পাছত এইবাৰ উজনি অসমত চলিব উচ্ছেদ


তিনিচুকীয়া, ০৯ ডিচেম্বৰ (হি.স.)। এইবাৰ তিনিচুকীয়া ৰেল বিভাগে ৰূপাই চাইডিং অঞ্চলত উচ্ছেদ কৰিবলৈ আগবাঢ়িছে । ৰেল লাইনৰ কাষত থকা বাসগৃহ, দোকানগৃহ আদিত উচ্ছেদ কৰা হব বুলি জাননী জাৰি কৰিছে বিভাগে । উক্ত জাননী লাভ কৰাৰ পাছতেই সংকিত হৈ পৰিছে ৰেল লাইনৰ কাষতেই গৃহ তথা দোকানগৃহ নিৰ্মাণ কৰি বসবাস কৰি থকা লোকসকল ।

বহু বছৰ ধৰি এই স্থানত বসবাস কৰি থকা লোকসকলক মাত্ৰ ১৫ দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী উঠাই লৈ কমেও ছয় মাহ সময় দিবলৈ আহ্বান জনাইছে । হঠাতেই জাননী জাৰি কৰাত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । অন্যহাতে, তিনিচুকীয়া, মাকুম, হাপজান, ডুমডুমা আদি ঠাইত ৰেল লাইনৰ কাষৰ স্থানসমূহ উচ্ছেদ নকৰাকৈ কেৱল মাত্ৰ ৰূপাই অঞ্চলতহে উচ্ছেদ চলাবলৈ লোৱা কাৰ্যতো ক্ষুভ প্ৰকাশ কৰিছে এই লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande