শিলচৰত পিষ্টল আৰু কাৰ্টিজসহ গ্ৰেপ্তাৰ যুৱক
কাছাৰ, ০৯ ডিচেম্বৰ (হি.স.)। অসমৰ বৰাক উপত্যাকাৰ কাছাৰ জিলাৰ শিলচৰ সদৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই সোমবাৰে নিশা গোলদিঘী অঞ্চলত অস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে জব্দ কৰে এটা ৭.৬২ মিমি পিষ্টল আৰু চাৰিটা সজীৱ গুলী
Image of the seized arms with accused.


কাছাৰ, ০৯ ডিচেম্বৰ (হি.স.)। অসমৰ বৰাক উপত্যাকাৰ কাছাৰ জিলাৰ শিলচৰ সদৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই সোমবাৰে নিশা গোলদিঘী অঞ্চলত অস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে জব্দ কৰে এটা ৭.৬২ মিমি পিষ্টল আৰু চাৰিটা সজীৱ গুলী।

ধৃত যুৱকজন বৰখোলাৰ নিবাসী জামিৰ আহমেদ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অস্ত্ৰটোৰ উৎপত্তি আৰু সম্ভাৱ্য অপৰাধমূলক সংযোগৰ তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande