টিহুত পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ
নলবাৰী, ০৯ ডিচেম্বৰ (হি.স.)। টিহুত পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ। নৱ নিযুক্ত চাকৰিৰ তালিকা ফালি ২০২৬ ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পৌৰসভাৰ বহু অস্থায়ী কৰ্মচাৰীক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ ব
টিহুত পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ


নলবাৰী, ০৯ ডিচেম্বৰ (হি.স.)। টিহুত পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ। নৱ নিযুক্ত চাকৰিৰ তালিকা ফালি ২০২৬ ত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পৌৰসভাৰ বহু অস্থায়ী কৰ্মচাৰীক স্থায়ী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পিছতে জাঙুৰ খাই উঠিল চাফাই কৰ্মচাৰী সকল । বছৰ বছৰ ধৰি কৰ্মৰত অস্থায়ী চাফাই কৰ্মচাৰী বাদ পৰিল স্থায়ী নিযুক্তিৰ তালিকাৰ পৰা ।

সেয়েহে মঙলবাৰে টিহুত পৌৰসভাৰ চাফাই কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । নব নিযুক্ত স্থায়ী চাকৰিৰ তালিকা ফালি বিভিন্ন শ্লোগানেৰে চাফাই কৰ্মচাৰীয়ে কৰে প্ৰতিবাদ । স্থায়ী চাকৰিৰ তালিকা কোনো পধ্যে মানি নলয় চাফাই কৰ্মচাৰীয়ে । সকলো বিভাগৰ চাফাই কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ দাবী জনাই চাফাই কৰ্মচাৰী সকলে । চাকৰি স্থায়ী নকৰিলে জানুৱাৰী মাহৰ পৰাই ধাৰাবাহিক ভাৱে অ-সহযোগ কাৰ্যসূচী পালন কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সদৌ অসম চাফাই কৰ্মী সন্থাৰ নেতা ভিম বাচফৰ । আনহাতে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ দিয়ে ভিম বাচফৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande