ওৰাঙৰ পৰা চালান বিহিন পাথৰ ভৰ্তি মিনি ট্ৰাক, ডাম্পাৰ জব্দ
দৰং, ০৯ ডিচেম্বৰ (হি.স.)। মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ ওৰাঙৰ পৰা চালান বিহিন পাথৰ ভৰ্তি মিনি ট্ৰাক আৰু ডাম্পাৰ জব্দ। ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে আজি পুনৰ ওৰাঙৰ পৰা চালান বিহিন এখন পাথৰ ভৰ্তি মিনি ট্ৰাক আৰু ডাম্পাৰ জব্দ কৰে
ওৰাঙৰ পৰা চালান বিহিন পাথৰ ভৰ্তি মিনি ট্ৰাক, ডাম্পাৰ জব্দ


দৰং, ০৯ ডিচেম্বৰ (হি.স.)। মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত পুনৰ ওৰাঙৰ পৰা চালান বিহিন পাথৰ ভৰ্তি মিনি ট্ৰাক আৰু ডাম্পাৰ জব্দ।

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে আজি পুনৰ ওৰাঙৰ পৰা চালান বিহিন এখন পাথৰ ভৰ্তি মিনি ট্ৰাক আৰু ডাম্পাৰ জব্দ কৰে। ওদালগুৰি জিলা‌ বন বিষয়াৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ আই চি ৰেঞ্জাৰৰ নেতৃত্বত যোৱা বন কৰ্মীৰ দলে ওৰাং অঞ্চল চলায় চালান বিহিন ডাম্পাৰ আৰু ট্ৰাক বিচাৰি তালাচি অভিযান।

বন কৰ্মীৰ উক্ত অভিযানত ওৰাঙৰ পৰা এএছ ১২ বিচি ৯৪০৭ নম্বৰৰ এখন পাথৰ ভৰ্তি মিনি ট্ৰাক আৰু ওৰাং ৰৌতা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এএছ ২৫ এফচি-৪৪৯১ নম্বৰৰ এখন সৰু পাথৰ ভৰ্তি দহ চকীয়া ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা মিনি ট্ৰাক আৰু ডাম্পাৰ খন মাজবাট আঞ্চলিক বন কাৰ্য্যালয়ত লৈ আনে বন কৰ্মীৰ দলে। বৰ্তমান জব্দ কৰা মিনি ট্ৰাক আৰু ডাম্পাৰ মাজবাটৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত ৰাখি থোৱা আছে বুলি জনা যায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande