
কনচাৰ্ট টুৰিজিম হ’ব পাৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ এক উজ্জ্বল সম্ভাৱনা
গুৱাহাটী, ০৯ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে ৰাজ্যৰ পৰ্যটন খণ্ডত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। চৰাইদেউ মৈডামক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা, যোৰহাটত লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি সহ নিৰ্মাণ কৰা বৃহৎ উদ্যান, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰক সামৰি গ্ৰহণ কৰা বৃহৎ প্ৰকল্প, উমৰাংছত অলপতে মুকলি কৰা বিশ্বমানৰ ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটীৰ উজানবজাৰত ব্ৰহ্মপুত্ৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত নিৰ্মাণ কৰা বৃহৎ আৰু আধুনিক উদ্যান আদিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডলৈ যে এক আমোল পৰিৱৰ্তন আনিব সেয়া নিশ্চিত। নদী পৰ্যটনৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
আনহাতে, চৰকাৰ খনৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ৰাজ্যখনলৈ ঘুৰি অহা শান্তিৰ পৰিৱেশৰ পৰিপেক্ষিতত আজি অসমত কনচাৰ্ট চুৰিজিমৰ দৰে পৰ্যটনৰ শেহতীয় ধাৰণাও সংযোজিত হৈছে। ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ খণ্ড হিচাপে চিহ্নিত পৰ্যটন উদ্যোগক এক নতুন মাত্ৰা দিবলৈ অবিৰত ভাৱে প্ৰচেষ্টা চলাই গৈছে। আজি বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য কৰে দলৰ মুখ্যপাত্ৰ কল্যাণ গগৈয়ে। গগৈয়ে কয় যে, খুব কম সময়ৰ ভিতৰত বিশ্ব মানচিত্ৰত অসম এক সাংস্কৃতিক হাব হিচাপে পৰিচিত হ’ব। শেহতীয়াকৈ গুৱাহাটীত বিশ্ব প্ৰসিদ্ধ সংগীত শিল্পী পোষ্ট মেলনৰ সফল সংগীতানুষ্ঠানৰ পিছত নিশ্চিতভাৱে অসমৰ প্ৰতি বিশ্ববাসীৰ আগ্ৰহ বৃদ্ধি পাব। এনেবোৰ অনুষ্ঠানে দেশ বিদেশত অসমক এক নতুন ৰূপত তুলি ধৰিব বুলি আমি নিশ্চিত।
পোষ্ট মেলনৰ অনুষ্ঠানৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশী ৰাষ্ট্ৰৰ পৰাও শিল্পী গৰাকীৰ হাজাৰ হাজাৰ গুণমুদ্ধ গুৱাহাটী ভ্ৰমণ কৰাটো এক আশাৰ বতৰা। ইয়াৰ দ্বাৰা পৰোক্ষভাৱে অসমৰ পৰ্য্যটন খণ্ড উপকৃত হোৱাৰ লগতে ৰাজ্যখনে এক নতুন পৰিচিতিও লাভ কৰিছে। নৱ প্ৰজন্মৰ মাজত বিশেষভাৱে সমাদৃত কনচাৰ্ট টুৰিজিমৰ ওপৰত ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। মুখাপাত্ৰ গৰাকীয় জানিবলৈ দিয়ে যে, ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজিম লোকসভাত সদনৰ বিধি ৩৭৭ ৰ অধীনত আজি লোকসভাত বিশ্ব পৰ্যটনৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰে ভাৰত চৰকাৰক নৰ্থ ইষ্ট টুৰিজিম চাৰ্কিট গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী