
কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.)। শ্বহীদ দিৱসৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপি য়ে গ্ৰহণ কৰিছে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক কাৰ্যসূচী। ইয়াৰে অংশ হিচাপে উত্তৰ কামৰূপ জিলা বিজেপি গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ অনুসৰি আজি শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে বিজেপি যুৱ মৰ্চাই।
উত্তৰ কামৰূপ জিলা বিজেপি য়ে হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজো, ৰামদিয়া,হলোগাঁওৰ শ্বহীদ পৰিয়ালত উপস্থিত হৈছে শ্বহীদ মাতৃ তথা পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা লগতে পৰিয়ালৰ অভাৱ অভিযোগৰ বিষয়ে বুজ লয়। যুৱ মৰ্চাৰ দলটোৱে শ্বহীদ পৰিয়ালক এখন গামোচা,এখন স্মাৰকৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই দলটোত আছিল ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰকাশ দাস অনুসূচিত জাতি মাৰ্চৰ উপ সভাপতি ডাঃ বেদব্ৰত পাঠকে আদি কৰি কেইবা গৰাকীও নেতা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ