গোৰেশ্বৰৰ সাঁত শ্বহীদ পৰিয়ালৰ গৃহত উপস্থিত বিজেপি নেতা ৰাতুল শৰ্মা
তামুলপুৰ, ০৯ ডিচেম্বৰ (হি.স.)।গোৰেশ্বৰৰ সাঁত শ্বহীদ পৰিয়ালৰ গৃহত উপস্থিত বিজেপি নেতা ৰাতুল শৰ্মা। কাইলৈ সমগ্ৰ অসমতে শ্বহীদ দিৱস পালন কৰা হ''ব।বিগত ছয় বছৰীয়া অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰা হ''ব। শ্বহীদ দিৱসৰ প্ৰাকক্ষণত গোৰে
গোৰেশ্বৰৰ সাঁত শ্বহীদ পৰিয়ালৰ গৃহত উপস্থিত বিজেপি নেতা ৰাতুল শৰ্মা


তামুলপুৰ, ০৯ ডিচেম্বৰ (হি.স.)।গোৰেশ্বৰৰ সাঁত শ্বহীদ পৰিয়ালৰ গৃহত উপস্থিত বিজেপি নেতা ৰাতুল শৰ্মা।

কাইলৈ সমগ্ৰ অসমতে শ্বহীদ দিৱস পালন কৰা হ'ব।বিগত ছয় বছৰীয়া অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰা হ'ব।

শ্বহীদ দিৱসৰ প্ৰাকক্ষণত গোৰেশ্বৰ বিধান সভা সমষ্টিৰ সাঁত গৰাকীকৈ শ্বহীদ পৰিয়ালৰ গৃহত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সম্পাদক তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

তামুলপুৰ জিলা বিজেপি যুৱ মৰ্চাই আয়োজন কৰা কাৰ্যসুচীত উপস্থিত থাকে ৰাক্যিক বিজেপিৰ মুখাপাত্ৰ মানস শৰণীয়া জিলা বিজেপিৰ সভাপতি ভিক্টৰ দাস,জিলা যুৱ মৰ্চাৰ হাৰিমু বড়ো গোৰেশ্বৰ মণ্ডলৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাকে ধৰি বহু কেইগৰাকী বিজেপিৰ নেতা উপস্থিত থাকে।বিজেপি নেতাসকলে শ্বহীদ পৰিয়ালক একোখন গামোছা এটি শৰাইৰ লগতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস স্বাক্ষৰীত একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande