আন্তঃৰাষ্ট্ৰীয় লেখিকা মামং দাই আৰু গেংটকৰ আন্তঃৰাষ্ট্ৰীয় লেখিকা সুধা এম ৰাইক কাব্যধ্বনিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান
–তেজপুৰৰ সমাজকৰ্মী, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাক হিতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটা প্ৰদান –কবিতাই সকলো ভাষা -ভাষীৰ লোকক আত্মিয়তা প্ৰদান কৰে -মামং দাই –যুগে যুগে চলি আহিছে কাব্য সাহিত্যৰ মহত্ব -সুধা এম ৰাই
তেজপুৰৰ সমাজকৰ্মী ,শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাক হিতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটা প্ৰদান


তেজপুৰৰ সমাজকৰ্মী ,শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাক হিতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটা প্ৰদান


–তেজপুৰৰ সমাজকৰ্মী, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাক হিতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটা প্ৰদান

–কবিতাই সকলো ভাষা -ভাষীৰ লোকক আত্মিয়তা প্ৰদান কৰে -মামং দাই

–যুগে যুগে চলি আহিছে কাব্য সাহিত্যৰ মহত্ব -সুধা এম ৰাই

শোণিতপুৰ, ০৯ ডিচেম্বৰ, ২০২৫: (হি.স.) কাব্যধ্বনী অসম ৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ সহযোগত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় কবি সন্মিলন আৰু বঁটা প্ৰদান অনুষ্ঠানত অৰুণাচলৰ ইটানগৰ নিবাসী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখিকা মামং দাই আৰু ছিক্কিম গেংটকৰ আন্তঃৰাষ্ট্ৰীয় লেখিকা তথা ইংৰাজী আৰু জাপানী ভাষাৰ প্ৰসিদ্ধ লেখিকা, সাহিত্য অকাডেমিৰ সদস্যা সুধা এম ৰাইক ক্ৰমে কাব্যধ্বনী অসমৰ ৰাষ্ট্ৰীয় বঁটা আৰু কবি নীলিম কুমাৰ ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত কৰে । আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ কবি -সাহিত্যিকৰ উপস্থিতিত এই অনুষ্ঠানতে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক ,শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি সমাজকৰ্মী পংকজ বৰুৱাক কাব্যধ্বনীৰ হীতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটাৰে বিভূষিত কৰে ।

ৰাজ্যখনৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ লগতে কাব্যধ্বনীৰ সভাপতি মৰমী বৰঠাকুৰ তালুকদাৰ, কাৰ্যকৰী সভাপতি সুনিল গুৰং, মুখ্য সম্পাদক যোগেশ বিকাশ গগৈ, সম্পাদক লক্ষী ফিল'বাৰী, সদস্য উৎপল সোণোৱালৰ লগতে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণকে ধৰি বিশিষ্ট ব্যক্তিসকলে গামোচা, চেলেঙৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ গামোচা, জাপি, শৰাই, অসমীয়া গ্ৰাম্য সংস্কৃতিক প্ৰতিফলিত কৰা প্ৰতিকী জকাই,পাটি দৈ, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ আদি অনেক সামগ্ৰীৰে বঁটা প্ৰাপক সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে অনুষ্ঠানটিৰ আৰম্ভণিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ,গণশিল্পী ৰাজীৱ শদিয়া আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে -কাব্যধ্বনীৰ সভাপতি মৰমী বৰঠাকুৰ তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় লেখিকা মামং দাই, সুধা এম ৰাই আৰু পংকজ বৰুৱাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে। কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু সম্পাদক লক্ষী ফিল'বাৰীয়ে আঁত ধৰা অনুষ্ঠানটিত দুগৰাকী জনপ্ৰিয় চিত্ৰশিল্পী তথা কবিয়ে থিতাতে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাৰ লগতে কেবাটাও সত্ৰত গীত -কবিতা আবৃত্তি ,কবিতা পাঠেৰে জীপাল হৈ পৰে । অনুষ্ঠানটিত কাব্যধ্বনীৰ আন কেবাটাও উল্লেখযোগ্য বঁটা ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক আৰু সমাজকৰ্মীক প্ৰদান কৰা হয় ।

বঁটা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় লেখিকা মামং দাইয়ে কোনো ব্যক্তিয়ে নিজৰ বাহিৰে বেলেগ ভাষা বুজি নেপালেও কবিতাৰ ক্ষেত্ৰত ই পৃথক হৈ পৰে আৰু সকলো ভাষা -ভাষী লোকে সকলোৰে ভাষাৰ মাজত আত্মিয়তা অনুভৱ কৰে বুলি মন্তব্য কৰে । আনহাতে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত তাহানিৰে পৰা সাহিত্য -সংস্কৃতিৰ জৰিয়তে সমন্বয় গঢ়ি উঠিছে বুলি কৈ অসম আৰু অসমবাসীৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আৰু ভক্তিৰ লগতে সৰ্ব্বতোকালৰ বাবে কৃতজ্ঞতাবোধ আছে বুলি মন্তব্য কৰে ।

একেদৰে গেংটকৰ আন্তঃৰাষ্ট্ৰীয় লেখিকা সুধা এম ৰাইয়ে কাব্য সাহিত্যৰ মহত্ব আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰি কাব্য সাহিত্যই এখন সমাজ সলনি কৰি দিব পাৰে বুলি কৈ জনগণৰ কল্যাণ ,মানুহৰ মংগল ,সমাজৰ কল্যাণেই সাহিত্যৰ মূল মন্ত্ৰ হোৱা উচিত বুলি মন্তব্য কৰে । আনহাতে হিতেন চৌধুৰী কাব্য আৰু সমাজ সংগঠক বঁটা গ্ৰহণ কৰি পংকজ বৰুৱাই কাব্যধ্বনি অসমৰ এই প্ৰয়াস এক আলোকসন্ধানী প্ৰয়াস বুলি মন্তব্য কৰি মানুহে মানুহৰ মাজলৈ কৰা এই যাত্ৰাৰ বাবেই আজি দেশৰ বিভিন্ন প্ৰান্তৰ কবি -লেখক -লেখিকা সকল এনেদৰে একত্ৰিত হ'ব পাৰিছে বুলি মন্তব্য কৰে । সৃষ্টিশীলতাৰ তাড়নাৰে ঘৰতে বহি কবিতা লিখি নেথাকি এটা সংগঠনৰ জন্ম দি এনেদৰে একত্ৰিত হ'ব পৰাটোৰ মাজতেই মানুহে মানসিক প্ৰশান্তি অনুভৱ কৰিব পাৰে বুলি মন্তব্য কৰি কবি তথা কাব্য সংগঠক হিতেন চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande