দুদিনীয়া ভ্ৰমণ সূচীৰে শোণিতপুৰ আৰু নগাঁৱলৈ আহিব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা
শোণিতপুৰ ০৯ ডিচেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কে ৰাহটকাৰ ৷ তেওঁ অহা ১২ ডিচেম্বৰত নগাঁৱত আৰু ১৩ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হ''ব শোণিতপুৰত ৷ আজি ইয়াৰে প্ৰস্তুতি সম্পৰ্কীয় এক সভা
তেজপুৰত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা


তেজপুৰত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা


তেজপুৰত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা


শোণিতপুৰ ০৯ ডিচেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কে ৰাহটকাৰ ৷ তেওঁ অহা ১২ ডিচেম্বৰত নগাঁৱত আৰু ১৩ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হ'ব শোণিতপুৰত ৷ আজি ইয়াৰে প্ৰস্তুতি সম্পৰ্কীয় এক সভাত অংশ লৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই তেজপুৰত সংবাদমাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে ৷ তেওঁ কয় যে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে চৰকাৰী আঁচনি সমূহৰ দ্বাৰা মহিলাসকল কিদৰে উপকৃত হৈছে সেই বিষয়ে হিতাধিকাৰীৰ স’তে আলোচনা কৰাৰ লগতে মহিলা আয়োগৰ প্ৰতিনিধি তথা সদস্যা সকলৰ এক কৰ্মশালাতো অংশ ল’ব ৷

আজি ডেকাই শোণিতপুৰ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন তথা সংশ্লিষ্ট বিভাগ সমূহৰ স’তে শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হয় ৷ পাছত তেওঁ সংবাদমাধ্যমৰ আগত কয় যে তেওঁ ইতিমধ্যে ৰাজ্যৰ ১১খন জিলা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে ভ্ৰমণ কৰাৰ লগতে আয়োগে ৰাজ্যত বিশ্বাসযাত্ৰা নামৰ এক সজাগতামূলক বাইকৰেলী কৰাৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁ কোকৰাঝাৰ, বৰপেটা আৰু গোলাঘাটৰ বিষয়ে উল্লেখ কৰি ইয়াত নাৰীজনিত অপৰাধৰ প্ৰসংগত কয় যে কোকৰাঝাৰত অপহৰণৰ ঘটনা অধিক ৷ আনহাতে গোলাঘাটৰ সমস্যা বেলেগ বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ বিভিন্ন অঞ্চলত বাল্যবিবাহ প্ৰচলনৰ বিষয়েও সদৰি কৰে ৷

গোলাঘাটত বাল্যবিবাহৰ সংখ্যা অধিক বুলি মন্তব্য কৰা ডেকাই ৰাজ্যৰ বিভিন্ন অঞ্চলত পৃথক কাৰণত মহিলা সংক্ৰান্তীয় গোচৰ ৰুজু হোৱাৰ বিপৰীতে বহু অঞ্চলত অজ্ঞতাৰ বাবেই বহু অভিযোগ আৰক্ষীৰ কাষ নাচাপে বুলিও তেওঁ উল্লেখ কৰে৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত বাল্যবিৱাহৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলিও ডেকাই কয় ৷ তেওঁ মহিলাৰ লগতে এইক্ষেত্ৰত পুৰুষ সকলো সজাগ হ’ব লাগিব বুলি কয়৷বটদ্ৰৱাৰ এটা ব্লকত এনেঘটনাৰ সংখ্যা কম আৰু আন এটাত অধিক বুলি উল্লেখ কৰি নাৰীজনিত অপৰাধৰ সংখ্যা এটা বিশেষ শ্ৰেণীৰ মাজত অধিক বুলিও উল্লেখ কৰি ডেকাই বৰপেটাত মাৰপিটৰ গোচৰ তথা ভূমিকেন্দ্ৰীক সংঘাটৰ বিষয়ে প্ৰকাশ কৰি আৰু কয় যে বহু ঠাইত ভূৱা গোচৰো দিয়া হয়৷অতি শীঘ্ৰেই বাইক ৰেলিৰে বিশ্বাস যাত্ৰা কৰি শোণিতপুৰত উপস্হিত হোৱাৰ কথা প্ৰকাশ কৰি আঙুৰলতা ডেকাই আগন্তুক জুন-জুলাইত কনকলতা বাহিনী পূৰ্ণ ৰূপত গঢ় দি কিদৰে একো গৰাকী নাৰীক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিব পাৰি তাৰ ওপৰত কাৰ্যকৰী ব্যৱস্হা হাতত লোৱাৰ কথাও উল্লেখ কৰে৷

আনহাতে, সক্ৰিয় ৰাজনীতিৰ প্ৰসংগক আওকান কৰি বৰ্তমান যি কামত ব্যস্ত হৈ আছে কামতে নিজকে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা বুলি উল্লেখ কৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ডেকাই ৷ তেওঁ বটদ্ৰৱাৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নেতিবাচক ইংগিত দি শিল্পী জুৱিন গাৰ্গৰ বিয়োগৰ পিচত উৎসাহ উদ্দীপনা একেবাৰে নোহোৱা হৈ যোৱাৰ বিষয়ে উল্লেখ কৰি কয় “ জুৱিনদাই কৈছিল যি কামত যিসকল ব্যস্ত সেই কামতে এশ শতাংশ মনোনিৱেশ কৰিব লাগে ৷”

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande