'বৰ্ডাৰ ২'ৰ পৰা অহান শ্বেট্টীৰ শক্তিশালী ৰূপ সদৰি
‘বৰ্ডাৰ ২’ৰ নতুন পোষ্টাৰে দৰ্শকৰ মাজত উৎসাহ আৰু অধিক বৃদ্ধি কৰিছে। এইবাৰ পোহৰলৈ আহিছে আহন শ্বেট্টীৰ শক্তিশালী ৰূপ, য’ত তেওঁক ভাৰতীয় নৌসেনাৰ বিষয়া হিচাপে দেখা গৈছে। প্ৰথম আভাসৰ পৰাই অহানৰ চৰিত্ৰই যুদ্ধ কঠোৰ, সাহসী আৰু নিৰ্ভীক সৈনিকৰ প্ৰতিচ্ছবি শক্
अहान शेट्टी - फोटो सोर्स एक्स


‘বৰ্ডাৰ ২’ৰ নতুন পোষ্টাৰে দৰ্শকৰ মাজত উৎসাহ আৰু অধিক বৃদ্ধি কৰিছে। এইবাৰ পোহৰলৈ আহিছে আহন শ্বেট্টীৰ শক্তিশালী ৰূপ, য’ত তেওঁক ভাৰতীয় নৌসেনাৰ বিষয়া হিচাপে দেখা গৈছে। প্ৰথম আভাসৰ পৰাই অহানৰ চৰিত্ৰই যুদ্ধ কঠোৰ, সাহসী আৰু নিৰ্ভীক সৈনিকৰ প্ৰতিচ্ছবি শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে। মুখৰ দাগ, চকুৰ অদম্য সাহস আৰু হাতত থকা ৰাইফলটোৱে স্পষ্টকৈ বুজাইছে যে তেওঁ বিপদজনক মিছনৰ মাজত আছে।

টি-ছিৰিজ আৰু জে পি ফিল্মছে মুকলি কৰা এই পোষ্টাৰখনে অৱশেষত ‘বৰ্ডাৰ ২’ৰ নতুন সামৰিক দলটোৰ পৰিচয় দিয়ে। ছানী দেউল, বৰুণ ধাৱন, আৰু দিলজিৎ দোসাঞ্জৰ প্ৰথম লুকে প্ৰচণ্ড সঁহাৰি লাভ কৰিছিল, আৰু এতিয়া আহনৰ প্ৰৱেশে ছবিখনৰ প্ৰতি দৰ্শকৰ আশা আৰু অধিক বৃদ্ধি কৰিছে। দেশৰ বাবে যিকোনো কাম কৰাৰ যৌৱনৰ উৎসাহ, আবেগ, মনোভাৱক তেওঁৰ চেহেৰাটোৱে নিখুঁতভাৱে ধৰি ৰাখিছে।

অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত বৰ্ডাৰ ২ত অভিনয় কৰিছে ছানি দেউল, বৰুণ ধৱন, দিলজিৎ দোসাঞ্জ, আহন শেট্টী, মেধা ৰানা, মোনা সিং, আৰু সোণম বাজৱাই। ভূষণ কুমাৰ, জে পি দত্ত, আৰু নিধি দত্তৰ প্ৰযোজক এই ছবিখন ২০২৬ চনৰ ২৩ জানুৱাৰীত চিনেমাগৃহত মুক্তি পোৱাৰ কথা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande