হাউৰিপেটৰ দুগৰাকী মহিলাৰ বাসগৃহত দলবদ্ধ আক্ৰমণৰ অভিযোগ
কোকৰাঝাৰ, ৯ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। দাবিকৃত ধন আদায় নিদিয়াৰ বাবে আঁচনিৰ পৰা বঞ্চিত গোঁসাইগাঁও মহকুমাৰ হাউৰীয়াপেটৰ দুগৰাকী হিতাধিকাৰী। এই আঁচনিৰ নামত গাঁওখনৰ তিনিগৰাকী মহিলাই দৰিদ্ৰ তথা দ
হাউৰিপেটৰ দুগৰাকী মহিলাৰ বাসগৃহত দলবদ্ধ আক্ৰমণৰ অভিযোগ


কোকৰাঝাৰ, ৯ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। দাবিকৃত ধন আদায় নিদিয়াৰ বাবে আঁচনিৰ পৰা বঞ্চিত গোঁসাইগাঁও মহকুমাৰ হাউৰীয়াপেটৰ দুগৰাকী হিতাধিকাৰী। এই আঁচনিৰ নামত গাঁওখনৰ তিনিগৰাকী মহিলাই দৰিদ্ৰ তথা দুখীয়া মহিলাক লুণ্ঠন কৰাৰ অভিযোগ প্ৰকাশ পাইছে।

গাঁওখনৰ চেল্ফ হেল্প গোটৰ জীৱিকা সুখী, পশু সখী আৰু ৰ সভানেত্ৰী ক্ৰমে প্ৰতিমা বসুমতাৰী, ফাতেমা খাতুন আৰু অষ্টমী শাহাৰ বিৰুদ্ধে উত্থাপন হৈছে ধন লোৱাৰ অভিযোগ। পাঁচ হাজাৰ টকা উৎকোচ নিদিয়াৰ ফলত এই তিনিগৰাকী মহিলাই উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত কৰাৰ কথা সদৰী কৰে ভুক্তভোগীয়ে। পৰবৰ্তী সময়ত ভুক্তভোগীয়ে বিভাগীয় কতৃপক্ষক বিষয়টোলৈ বাৰম্বাৰ অবগত কৰে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে কতৃপক্ষই। ইয়াতে ক্ষান্ত নাথাকি এই তিনিগৰাকী মহিলাই গাঁওখনৰ একাংশ হিতাধিকৰীক উচটনি প্ৰদান কৰি ৮ ডিচেম্বৰ তাৰিখে ভুক্তভোগীৰ বাসগৃহত দলবদ্ধ আক্ৰমণৰ অপচেষ্টা কৰাৰ কথা জানিব পৰা যায়। অৱশেষত প্ৰাণৰ ভয়ত ভুক্তভোগীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত সাপকাটা আৰক্ষী চকীত মহিলা তিনিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande