ৰঙিয়াত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানঃ৪২২৯ গৰাকী লোকক গৃহ আৱন্টন
কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.)। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ (PMAY )অধীনত আজি ৰঙিয়া বিধানসভা সমষ্টিত অনুমোদন পত্ৰ প্ৰদান কৰা হয় । ৰঙিয়া মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত কৰা অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ প্ৰায় ৪২২৯ গৰাকী লোকক গৃহ অনুমোদন পত্ৰ বিতৰ
ৰঙিয়াত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানঃ৪২২৯ গৰাকী লোকক গৃহ আৱন্টন


কামৰূপ, ০৯ ডিচেম্বৰ (হি.স.)। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ (PMAY )অধীনত আজি ৰঙিয়া বিধানসভা সমষ্টিত অনুমোদন পত্ৰ প্ৰদান কৰা হয় । ৰঙিয়া মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত কৰা অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ প্ৰায় ৪২২৯ গৰাকী লোকক গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা। ভাষণ প্ৰসঙ্গত বিধায়ক গৰাকীয়ে সদৰি কৰি কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যত উন্নয়নৰ জোৱাৰ উঠিছে ।

সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী গৰাকীৰ বলিষ্ঠ পদক্ষেপৰ অংশ হিচাপে ৩ লাখ ২৪ হাজাৰ গৰাকী লোকৰ মাজত পকীগৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে । ইফালে জিঅ টেগিংৰ নামত কোনো ধৰনৰ দূৰ্ণীতিক প্ৰশ্ৰয় নিদিবলৈ সমবেত হিতাধিকাৰী সকলক ভাষণ প্ৰসঙ্গত সজোৰে আহ্বান জনায় বিধায়ক গৰাকীয়ে । ৰঙিয়া বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হিতাধিকাৰী তথা বিশিষ্ট লোক সকল সভাত উপস্থিত থাকে। আনহাতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়া সম-জিলা আয়ুক্ত দেৱাশিষ গোস্বামীৰ লগতে ৰাজহ চক্ৰ বিষয়া দেৱাশীষ বৰঠাকুৰ,পৌৰপতি অমৰেন্দ্ৰ লহকৰ, খণ্ড উন্নয়ন বিষয়া বিপুল ডেকাইও অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande