
বিশ্বনাথ, ০৮ ডিচেম্বৰ (হি.স.)।২০০ বছৰীয়া সমস্যাৰ অন্ত পেলাই চাহ বাগিছাৰ শ্ৰমিক ৰাইজক ভূমি পট্টা প্ৰদান কৰিব চৰকাৰে । ইতিমধ্যে ভূমিপট্টা প্ৰদানৰ বাবে চাহ বাগিছা সমূহত আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া । বিশ্বনাথ জিলা খনৰ ভিতৰতে গহপুৰ আৰু বিহালীত দুখনকৈ চাহ বাগিছাত সম্পূৰ্ন হৈছে জৰীপ ।
গহপুৰত মুঠ ৮ খন চাহ বাগিছা আছে পৰ্যায়ক্ৰমে সকলোতে চলি আছে জৰীপৰ কাম। বিহালীৰ ব্ৰহ্মাজান চাহ বাগিছাত প্ৰথম পৰ্যায়ত ৮৮৯ টা ঘৰত জৰীৰ সমাপ্ত হৈছে,গহপুৰৰ ভোলাগুৰি চাহবাগিছাতো সমাপ্ত হৈছে জৰীপ । ঘগৰা চাহ বাগিছাত চলি আছে জৰীপৰ কাম । বৰ্তমানলৈকে গহপুৰৰ চাহ বাগিছা সমূহত জৰীপৰ কাম সফলতাৰে চলি আছে। চাহ শ্ৰমিক ৰাইজেও সহযোগিতা আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ