
হাইলাকান্দি, ০৮ ডিচেম্বৰ (হি.স.): হাইলাকান্দিত চুৰি হোৱা সাতটা গৰু উদ্ধাৰ কৰা হৈছে। হাইলাকান্দি জিলাৰ ঘাৰমুৰাৰ পৰা যোৱা কালি দেওবাৰে নিশা ৫ টা গৰু চুৰি হৈছিল আৰু চুৰি হোৱা গৰু আজি হাইলাকান্দি সদৰ আৰক্ষী চকীয়ে উদ্ধাৰ কৰিছে।
হাইলাকান্দি সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাললিমসাঙ পলৰ নেতৃত্বত বৃহৎ আৰক্ষী বাহিনীৰ দল হাইলাকান্দি জিলাৰ ভাটিৰকুফা দ্ধিতীয় খণ্ডৰ কাজি নজৰুল হক নামৰ লোকজনৰ বাসগৃহত অভিযান চলাইছিল। আৰক্ষীৰ অভিযানৰ সময়ত কাজি নজৰুল হকৰ গৃহৰ পৰা প্ৰায় ৭ টা গৰু উদ্ধাৰ হৈছে। লগতে আলম উদ্দিন লস্কৰ নামৰ এজন চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। ইফালে কাজি নজৰুল হকৰ লগতে আন কেইজনমান চোৰ আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰিবলৈ সক্ষম হয়। ধৃত চোৰ আলম উদ্দিন লস্কৰক হাইলাকান্দি সদৰ আৰক্ষী চকীত সোধপোছ অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা ৭ টা গৰুৰ ভিতৰ ৫ টা গৰু যোৱা নিশা ঘাৰমুৰাৰ পৰা চুৰি হৈছিল আৰু ৭ টা গৰুৰ ভিতৰত ৫ টা গৰু ঘাৰমুৰাৰ পৰা অহা গৰুৰ মালিকে তেওঁলোকৰ গৰু বুলি চিনাক্ত কৰিছে।
চুৰি হোৱা গৰু ২৪ ঘন্টাৰ ভিতৰত উদ্ধাৰ কৰাৰ বাবে হাইলাকান্দি আৰক্ষীক ধন্যবাদ জনাইছে গৰুৰ মালিক সকলে। লগতে গৰুৰ মালিক সকলে কয় যে কেবল যোৱা নিশাই নহয় এই কেইবাদিনৰ পৰা হাইলাকান্দি জিলাৰ ঘাৰমুৰাৰ পৰা বহু কেইটা গৰু চুৰি হৈছে যাৰ বাবে এই অঞ্চলত নিশা আৰক্ষীক পেট্ৰ্লিং কৰাৰ বাবে আহ্বান জনাইছে তেওঁলোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ