
বঙাইগাঁও, ০৮ ডিচেম্বৰ (হি.স.): যোগীঘোপাত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কালি নিশা প্ৰায় ১২ বজাত ঘণ কুৱলীৰ বাবে বলেৰ বাহন এখন চম্পাৱতী নৈত বাগৰি পৰে। ইয়াৰ ভিতৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আনহাতে দুজনক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ইফালে বৰ্তমানো আজাহাৰ আলী মণ্ডল নামৰ এজন নিখোজ হৈ আছে।
জানিব পৰা মতে যোগীঘোপাৰ বোৱালীমাৰীত সংঘটিত হৈছে এই ঘটনা। ভৈৰৱচূড়া পাহাৰৰ নামনিত গড়কাপ্তানী পথৰ পৰা চম্পাৱতী নৈত পৰিল বাহনখন। বাহনখনৰ ভিতৰত আছিল চাৰিজন লোক। তেওঁ লোক ক্ৰমে আকিদুল ইছলাম ( চালক, জীৱিত ), আজহাৰ আলী মণ্ডল (নিখোজ), জুব্বাৰ আলী (জীৱিত ) আৰু বক্কাৰ আলী ( মৃত্যু) বৰপেটাৰ পৰা নিশা মেলা চাই ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা।বোৱালীমাৰী ভৈৰৱচূড়া পাহাৰৰ নামনিত কাবাইটাৰী-শালবাৰী গড়কাপ্তানী পথৰে চাপৰলৈ গৈ আছিল লোক কেইজন। চাপৰৰ কুৰ্শাকাটীৰ পৰা আহিছিল লোক কেইজন। নিশা ঘন কুঁৱলীৰ বাবে বলেৰ বাহনখন পথৰ পৰা চম্পাৱতী নৈত পৰাৰ সন্দেহ কৰা হৈছে।
বলেৰ বাহনখন ভিতৰৰ পৰা চাপৰ থানাৰ অন্তৰ্গত কুৰ্শাকাটী নলডোবাৰ বক্কাৰ আলীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে দুজনকৈ লোক জীৱন্তে উদ্ধাৰ হয় । এজন বৰ্তমানো নিখোঁজ হৈ থকাৰ সন্দেহ কৰা হৈছে।দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ ২৬ জে ৪৩৫২ বুলি জনা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ সন্ধান আৰম্ভ কৰে মাজেৰ আলগা আৰক্ষী আৰু এছডিআৰএফ বাহিনী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ