
কামৰূপ, ০৮ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকোত যোৱা কালি দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। বকোৰ নাগোপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত হয় ১৫ গৰাকী যাত্ৰী ৷ ট্ৰাক চালকৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা হৈছে ৷ ততাতৈয়াকৈ আহতসকলক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ট্ৰাক চালক জনৰ নাম মুনু ৰাভা। বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ বকোৰ শাখাতিত । গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে৷ দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ এএছ ১৮ এচি ২১১৩ হোৱাৰ বিপৰীতে ট্ৰাকখনৰ নম্বৰ এএছ ০১ এনচি ৬১৪৫ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ